মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিধায়িনী অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী

পদক্ষেপ

  • প্ৰকল্পৰ অধীনত কৰা পদক্ষেপসমূহ এনেধৰণৰঃ

    • নাগালেণ্ডৰ অতি অনগ্ৰসৰ টুৱেনচাং আৰু মন জিলাত ৪৬ খন আইন সাহায্য চিকিত্সালয় খোলা হৈছে আৰু চলি আছে:

      গালেণ্ডৰ ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীয়ে নাগালেণ্ডৰ অতি ভিতৰুৱা টুৱেনচাং আৰু মন জিলাত কৃতকাৰ্য্যতাৰে ৪৬ খন আইন সাহায্য চিকিত্সালয়(Legal Aid Clinics LACs) স্থাপন কৰিছে। ২০১৬ চনৰ জানুৱাৰী মাহলৈকে ১,৫৩৯ জন মানুহ আইন সজাগতা আচঁনিৰ দ্ধাৰা উপকৃত হৈছে।
    • মানুহৰ আইনী শক্তিৰ ফাক চিনাক্ত কৰিবলৈ মূল্যায়ন অধ্যায়ণ কৰা প্ৰয়োজনঃ
      েঘালয়ৰ ছিলঙত অৱস্থিত ইমপালচ এন.জি.অ’. নেটৱৰ্কে এই সমীক্ষাটো চলা্ইছিল। এই অধ্যায়টো মানুহৰ আইনী শক্তিৰ মাজত থকা ফাকটো, বিশেষকৈ দুখীয়া শ্ৰেণীৰ, উপান্ত আৰু নিম্নশ্ৰেণীৰ মানুহখিনি, যিখিনিয়ে তেওঁলোকৰ অধিকাৰখিনিয়ে সুৰক্ষিত, সেই কথা জনাৰ উপায় নাছিল। এই অধ্যায়ণটো কৃতকাৰ্য্যতাৰে কৰা হৈছিল আৰু DoJ আৰু ইমপালচ এন.জি.অ’ নেটৱৰ্কে ইয়াক প্ৰকাশ কৰিছিল।

      মানুহৰ আইনী শক্তিৰ ফাক চিনাক্তকৰণৰ বাবে প্ৰয়োজনীয় মূল্যায়ণ অধ্যয়নৰ প্ৰতিবেদনৰ চিত্ৰত দিয়া হৈছে।
    • জম্মু আৰু কাশ্মীৰত আইন সাহায্য চিকিত্সালয়ক সমৰ্থনঃ
      কাশ্মীৰ বিশ্ববিদ্যালয়ৰ আইন বিভাগে আইন সাহায্য চিকিত্সালয়ক সমৰ্থন কৰা আচঁনিখন প্ৰৱৰ্ত্তন কৰে। আইন সজাগতা আচঁনি, আইনী স্বাক্ষৰতাৰ ওপৰত ৮ খন ধেমেলীয়া নাট, দুখীয়া মানুহৰ হকে মাত মতা ৪ খন আইনৰ অনুবাদ, পৰিবেশৰ ওপৰত থকা আইনৰ লগতে “পেহেলগামৰ দুখীয়া আৰু নিম্নশ্ৰেণীৰ মানুহৰ আইনী সমস্যা” ওপৰত গৱেষণা প্ৰকল্প আদি

      হ কন্দল আৰু আইনৰ ওপৰত ধেমেলীয়া নাট অভিনয়।
    • উত্তৰ- পূৰ্ব্বাঞ্চলৰ আইনৰ ওপৰত ধেমেলীয়া নাট অভিনয়। বিধানৰ ওপৰত ৪০০ অৰ্দ্ধ আইনী স্বেচ্ছাসেৱকক(PLVs) ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীয়ে দিয়া প্ৰশিক্ষণঃ-:
      এই কৰ্মোদ্যোগটো উৰিষ্যাৰ দুখীয়া মানুহলৈ আইনী সাহায্য কমিটি(Committee For Legal Aid To Poor-CLAP)নামৰ এটা অসামৰিক কমিটিয়ে হাতত লৈছিল। কমিটিখিনে অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা ছিকিম আৰু নাগালেণ্ডৰ(প্ৰতিখন ৰাজ্যৰ পৰা ৫০ জনকৈ) মুঠ ৪০০ পি.এল.ভি.ক কৃতকাৰ্য্যতাৰে প্ৰশিক্ষণ দিয়ে।
    • উত্তৰ-পূৰ্ব্বাঞ্চলৰ ১৫০ জন আইন জীৱিক প্ৰশিক্ষণঃ-
      মানৱ অধিকাৰৰ বাবে আইনী কোষ(Legal Cell For Human Rights)নামৰ গুৱাহাটীৰ এটা সংগঠনক উত্তৰ-পূৰ্ব্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ পৰা ৫০ জনকৈ আইনজীৱিক প্ৰশিক্ষণ দিবলৈ বুলি নিৰ্বাচন কৰা হৈছিল। উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৩ খন ৰাজ্যৰ পৰা (নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰ) ১৫০ জন আইনজীৱিক কৃতকাৰ্য্যতাৰে প্ৰশিক্ষণ দিয়া হয়।
    • জম্মু আৰু কাশ্মীৰ এছ.এল.এছ.এ. ৰ ১৮৪ জন অৰ্দ্ধ আইনী স্বেচ্ছা সেৱকক দিয়া প্ৰশিক্ষণঃ
      জম্মু আৰু কাশ্মীৰত ২২৫ জন পি.এল.ভি.ক প্ৰশিক্ষণ দিবলৈ ৰমন ডেভেলপমেন্ট কনচালটেন্টচ প্ৰাঃ লিঃ নামৰ প্ৰতিষ্ঠান এটাক নিৰ্বাচন কৰা হৈছিল। ১৮৪ জন প্ৰশিক্ষাৰ্থীয়ে কৃতকাৰ্য্যতাৰে প্ৰশিক্ষণ সমাপ্ত কৰে। এইটোৱে জম্মু আৰু কাশ্মীৰৰ পি.এল.ভি. সকলক প্ৰথম বাৰৰবাবে প্ৰশিক্ষণ লোৱাৰ অদ্বিতীয় সুযোগ দিয়ে।
    • ৰাজ্যিক সম্পদ কেন্দ্ৰ(State Resource Centre) শ্ৰী নগৰৰ লগত এম.ও.এ. চুক্তি স্বাক্ষৰঃ-:
      ২০১৪ চনৰ ১৪ জানুৱাৰী তাৰিখে DOJ বিভাগে শ্ৰীনগৰৰ এছ. আৰ.চি ৰ লগত এখন চুক্তি সম্পাদন কৰে। চুক্তিখন সম্পাদনা হোৱাৰ লগে লগে আইনী স্বাক্ষৰতা অভিযানৰ সূত্ৰপাত হব। সৰ্ব্ব প্ৰথমে আইনী স্বাক্ষৰতাৰ সঁজুলিৰ বাবে IEC(Information Education Communication) এখন কৰ্মশালা অনু্স্থিত হব। ইয়াৰে প্ৰথম কৰ্মোদ্যোগ এতিয়ালৈ আৰম্ভ্ হোৱাগৈ নাই।
    • ৰাজ্যিক সম্পদ কেন্দ্ৰ(State Resource Centre -SRC)শ্বিলঙৰ লগত এম.ও.এ চুক্তি স্বাক্ষৰঃ-
      ২০১৪ চনৰ ১৪ জানুৱাৰী তাৰিখে DOJ বিভাগে শ্ৰীনগৰৰ এছ. আৰ.চি ৰ লগত এখন চুক্তি সম্পাদন কৰে। চুক্তিখন সম্পাদনা হোৱাৰ লগে লগে আইনী স্বাক্ষৰতা অভিযানৰ সূত্ৰপাত হব। সৰ্ব্ব প্ৰথমে আইনী স্বাক্ষৰতাৰ সঁজুলিৰ বাবে IEC(Information Education Communication) এখন কৰ্মশালা অনু্স্থিত হব। ইয়াৰে প্ৰথম কৰ্মোদ্যোগ এতিয়ালৈ আৰম্ভ্ হোৱাগৈ নাই।
    • ৰাজ্যিক সম্পদ কেন্দ্ৰ(State Resource Centre -SRC)শ্বিলঙৰ লগত এম.ও.এ চুক্তি স্বাক্ষৰঃ-
      ২০১৬ চনৰ ২১ জনুৱাৰী তাৰিখে DOJ বিভাগে ছিলঙৰএছ.আৰ.চি.ৰ লগত উত্তৰ পূৰ্ব্বাঞ্চলৰ ৰাজ্য সমূহৰ(মেঘালয়, নাগালেণ্ড আৰুমণিপুৰ) উপান্ত জনসাধাৰক আইনী শক্তিৰ ওপৰত স্বাক্ষৰতা কৰ্মোদ্যোগৰ বাবে (IEC সঁজুলিৰ প্ৰস্তুতি, RPs/MTs/Preraksৰ প্ৰশিক্ষণ) এখন চুক্তি স্বাক্ষৰ কৰে। IEC সঁজুলিৰ পুনৰীক্ষণ কৰ্মশালা সম্পূৰ্ণ হৈছে আৰু পুস্তিকাসমূহ স্থানীয় চাহিদা অনুসৰি স্থানীয় উদাহৰণৰে সৈতে সহজ সৰল ভাৱে আইন সমূহ উপস্থাপন কৰা হৈছে।
    • ৰাজ্যিক সম্পদ কেন্দ্ৰ (State Resource Centre -SRC) অৰুণাচলৰ প্ৰদেশৰ লগত এম.ও.এ চুক্তি স্বাক্ষৰঃ-
      ২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰী তাৰিখে DOJ আৰু অৰুণাচল প্ৰদেশৰ এছ. আৰ. চিৰ মাজত এখন চুক্তি স্বাক্ষৰ হয়। আইনী স্বাক্ষৰতা কৰ্মোদ্যোগ(IEC সঁজুলিৰ প্ৰস্তুতি, RPs/MTs/PRE.. ৰ প্ৰশিক্ষণ)SRC, অৰুণাচল প্ৰদেশৰ ২০১৬ চনৰ মাৰ্চ মাহৰ শেষৰ সপ্তাহত প্ৰকল্পৰ কাম আৰম্ভ হয়।
    • দিল্লীৰ সাধাৰণ সেৱা কেন্দ্ৰৰ( Common Services Centre- CSC) ৰ লগত এম.ও.এ চুক্তি স্বাক্ষৰঃ-
      ২০১৬ চনৰ ৩ মাৰ্চ তাৰিখে DOJ বিভাগে ৫ খন উত্তৰ পূৰ্ব্বাঞ্চলৰ ৰাজ্য, অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ CSC ৰ লগত এম.ও.এ. চুক্তি স্বাক্ষৰ কৰে। এই আঁচনিখনে আইনী স্বাক্ষৰতাৰ ওপৰত জনসাধাণক প্ৰশিক্ষণ দিয়া আৰু বিশেষকৈ উপান্ত শ্ৰেণীটোৰ বাবে আইনী স্বাক্ষৰতাৰ কৰ্মশালা পৰিচালনা কৰা। ই গ্ৰাম্য উদ্যোগী সকলৰ(Village Level Enterpreneurs-VLEs) বাবে মূখ্য প্ৰশিক্ষক হব,- যিটোৱে উত্তৰ-পূৰ্ব্বাঞ্চলৰ পাঁচ খন ৰাজ্যৰ অন্তৰ্গত বিভিন্ন জিলাত আইনী স্বাক্ষৰতা অধিৱেশন অনুস্থিত কৰি CSC ৰ জৰিয়তে ন্যায় পাবলৈ মানুহবিলাকক সুবিধা কৰি দিব। সেই একে ধৰণে ২০১৬ চনৰ ২৩ মাৰ্চ তাৰিখে এখন এম.ও.এ DOJ আৰু CSCৰ মাজত সম্পাদিত হয় যিখনৰ ভিত্তিত মণিপুৰ, নাগালেণ্ড, ছিকিম আৰু জম্মু আৰুকাশ্মীৰৰ অতি ভিতৰুৱা ঠাই সমূহত আইনী স্বাক্ষৰতাৰ কাম সম্পন্ন কৰিব পৰা যায়।
    • উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহত বিচাৰাধীন বন্দী বিলাকৰ অধিকাৰৰ বিষয়ে NFDC ৰ তথ্যচিত্ৰঃ-
      উত্তৰ – পূৰ্ব্বাঞ্চলৰ ৰাজ্য সমূহৰ বিচৰাধীন বন্দী বিলাকৰ অধিকাৰৰ বিষয়ে চুটি তথ্য চিত্ৰ প্ৰস্তুত কৰিবলৈ NFDC ক নিৰ্বাচিত কৰা হয়। এই তথ্য চিত্ৰখনৰ উদ্দেশ্য হৈছে বিচাৰাধীন বন্দী সকলৰ অধিকাৰৰ বিষয়ে SLSA, PLV, অধিবক্তা, বিচাৰাধীন বন্দী, আৰক্ষী আৰু এই বিলাকৰ বিষয়ে অজ্ঞ জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰা। এতিয়ালৈকে চিত্ৰনাট্যখন দাখিল কৰা হৈছে।
    • জম্মু আৰু কাশ্মীৰৰ অনাথ শিশুৰ অধিকাৰ আৰু অনাথ আশ্ৰম পৰিচালনাৰ খচৰা প্ৰস্তুতিৰ পৰিকাঠামো
      শ্ৰী নগৰত অৱস্থিত কেফৰ্ডনামৰ এটাপ্ৰতিষ্ঠানক জম্মু আৰু কাশ্মীৰৰ অনাথ আশ্ৰম সমূহৰ মূল্যায়ণ অধ্যয়ণ কৰি জম্মু আৰু কাশ্মীৰৰ অনাথ আশ্ৰম সমূহ পৰিচালনাৰ বাবে এখন খচৰা প্ৰস্তুত কৰিবলৈ দায়িত্ব দিয়ে। খচৰাখন বৰ্ত্তমান পৰীক্ষা কৰি আছে।
    • ম্মু আৰু কাশ্মীৰ অঞ্চলত উপান্ত মানুহ খিনিৰ আইনী শক্তিৰ বিষয়ে অজ্ঞাত থকা ফাকটোৰ মূল্যায়ণ অধ্যয়নৰ প্ৰয়োজনঃ-
      ৰাজ্যখনৰ উপান্ত মানুহখিনিৰ মাজত আইনী শক্তিৰ বিষয়ে থকা অজ্ঞতা খিনিৰ ফাকটো কাশ্মীৰ বিশ্ববিদ্যালয়ৰ আইন বিভাগে্ অধ্যয়ণ কৰি আছে। অধ্যয়ণৰ স্তৰটো বৰ্ত্তমান শেষ পৰ্য্যায়ত আছে।
    • নখন ৰাজ্যত প্ৰকল্পৰ দল নিয়োগ কৰি ৰাজ্যিক আইনী সেৱা প্ৰাধিকাৰীত মানৱ সম্পদ সৃষ্টি কৰাঃ-:
      প্ৰকল্পৰ অধীনস্থ ন’খন ৰাজ্যৰ প্ৰতিখনতে একোটোকৈ দুজনীয়া বৃত্তিজীৱিৰ দল( প্ৰকল্প সমন্বয়ক আৰু প্ৰকল্প সহকাৰী) এ2জে (উত্তৰ-পূব আৰুজম্মু-কাশ্মীৰ) প্ৰকল্প সমূহৰ ৰাজ্যিক ভিত্তিত সমন্বয় ৰক্ষা কৰিবলৈ আৰু ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীক সহযোগ কৰিবলৈ নিয়োগ কৰা হয়। জম্মু আৰু কাশ্মীৰ(পি.চি আৰুপি.এ.), মেঘালয় (পি.চি আৰুপি.এ.)আৰু মিজোৰাম (মাত্ৰ(পি.চি.) ত বাহিৰে বাকী বিলাক ৰাজ্যত নিয়োগ কৰ্ম সম্পূৰ্ণ হৈছে। অহা কেইমাহ মানত এনেকুৱা ৰাজ্য সমূহত নিয়োগ কৰ্ম আৰম্ভ হব।