মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিধায়িনী অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী

পি. এল. ভি তালিকা

  • ২০০৯ চনত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰীয়ে(NALSA)অৰ্দ্ধ আইনী স্বেচ্ছাসেৱক আঁচনি এখন প্ৰৱৰ্ত্তন কৰে যিখন আচঁনিৰ উদ্দেশ্য আছিল সমাজৰ সকলো স্তৰৰ পৰা  কিছু মানুহ নিৰ্বাচন কৰি আইনী প্ৰশিক্ষণ দি আইনী স্বেচ্ছাসেৱকৰ সৃষ্টি কৰা যাতে এই অৰ্দ্ধ আইনী প্ৰক্ৰিয়াৰ দ্ধাৰা সমাজৰ সকলো মা্নুহে আইনী সাহায্য পায় আৰু ন্যায় বিচাৰিবলৈ যাওঁতে পোৱা বাধা খিনি অতিক্ৰম কৰিব পাৰে। এই অৰ্দ্ধ আইনী স্বেচ্ছাসেৱক সকলে(PLVS) সাধৰণ শ্ৰেণীৰ মানুহ খিনিয়ে আইনী সেৱা প্ৰতিষ্ঠানলৈ যাওঁতে সমুখীন হোৱা বাধা-বিঘিনি সমূহ আঁতৰাই সাধাৰণ শ্ৰেণীৰ মানুহ আৰু আইনী প্ৰতিষ্ঠানৰ মাজত থকা ফাকটোৰ মাজত এখন সেতু হিচাবে থিয় দিব। অৱশেষত মানুহে আইনী প্ৰতিষ্ঠানৰ সেৱা বিচাৰি যোৱাৰ সলনি যাতে সেই প্ৰতিস্থাখন ঘৰৰ পদুলিতে পায় গৈ, সেইটোৱে হৈছে এই আঁচনিৰ লক্ষ্য ।

                আইনৰ মূল জ্ঞান খিনিৰ লগতে সহজে উপলব্ধ কল্যাণমূলক আইন সমূহৰ জ্ঞানখিনিও আহৰণ কৰি অৰ্দ্ধ-আইনী স্বেচ্ছাসেৱকসকলে তেওঁলোকৰ ওচৰ চুবুৰীয়া যিখনিমানুহক আইনী-সাহায্য লাগে, তেনে মানুহক সহায় কৰিব পাৰে, যাতে কোনো এজন মানুহে যদি তেওঁৰ এই অধিকাৰৰ বিষয়ে নাজানে তেন্তে তেওঁক অকল এই অধিকাৰৰ বিষয়ে জনোৱাই নহয়, তেওঁ তেওঁৰ অধিকাৰ সাৱস্ত্য কৰিবলৈ কি কি ব্যৱস্থা লব লাগিব তাৰ বাবেও অৱগত হ’ব।

    অৰ্দ্ধ আইনী স্বেচ্ছাসেৱকসকলে আইন আৰু আইনী ব্যৱস্থাৰ ওপৰত আশা কৰা মতে অকল সজাগতা অনাই নহয়, তেওঁলোকক সাধাৰণ বিবাদ সমূহ দুয়োটা পক্ষৰ মাজত ঠাইতে আপোচ মীমাংসা কৰিবলৈ বুলি প্ৰশিক্ষণ দিবও লাগে, যিটোৰ পৰা মানুহ খিনি আইন সেৱা প্ৰাধিকৰণ/এ.ডি.আৰ. কেন্দ্ৰলৈ অহা-যোৱা কৰাৰ কষ্টখিনিৰ পৰাও সাত সাৰি থাকিল। যদিহে বিবাদৰ যাত্ৰাটো ইমানখিনি পাইছে গৈ যে যিটো অৰ্দ্ধ আইনী স্বেচ্ছাসেৱকসকলে ঠাইতে আপোচ মীমাংসা কৰিব নোৱাৰিলে, তেনে ক্ষেত্ৰত তেওঁলোকে বাদী- বিবাদী দুয়ো পক্ষকে এ.ডি.আৰ. কেন্দ্ৰলৈ আনিব পাৰেয’ত ভাৰপ্ৰাপ্ত সচিবৰ সাহায্যত সমস্যাটো লোক আদালত বা মধ্যস্থতাকাৰী কেন্দ্ৰ বা আইনী সাহায্যৰ দ্বাৰা কোনো আদালতত, সমস্যাটোৰ গভীৰতালৈ চাই বিচাৰৰ বাবে পঠিয়াব পাৰি।

                যদিও প্ৰাৰম্ভিক অৱস্থাত অৰ্দ্ধ আইনী স্বেচ্ছাসেৱকসকলক প্ৰশিক্ষণ দিয়া ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰীৰ এই প্ৰশিক্ষণৰ কামত অধিবক্তা সকলৰ দলটোক সামৰি লোৱা হৈছিল পিছত দেখাগ’ল যে অধিবক্তা সকলৰ মাজত ব্যৱসায়িক প্ৰতিযোগিতাৰ বাবে মনোমালিন্যৰ সৃষ্টি হৈছে আৰু ফল স্বৰূপে গোটেই কামটো দুঃসাধ্য হৈ উঠিল। আন এটা সঁচা কথা হ’ল বহুদূৰ ঠাইত বসবাস কৰা উপান্ত মানুহখিনিয়ে অৰ্দ্ধ আইনী স্বেচ্ছাসেৱকৰ অধিবক্তাখিনিৰ পৰা একো উপকাৰ নোপোৱা কথাটোৱে আচঁনিখনৰ সামৰণিত বৰঙণি যোগালে, আৰু ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰীয়ে ঠিক কৰিলে যে অধিবক্তা সকলক অৰ্দ্ধ আইনী স্বেচ্ছাসেৱক সকলে হিচাপে নিয়োগ নকৰাই ভাল।

                ২০০৯ চনৰ পিছৰ পৰা এই আঁচনিৰ কৰ্মৰ পৰা লাভ কৰা আৰু অৰ্দ্ধ আইনী ব্যৱস্থাই নিজ নিজ পৰিসৰত লাভ কৰা বাস্তৱ ফলাফলৰ পুৰণা অভিজ্ঞতাৰ পৰা এটা কথা প্ৰতীয়মান হৈছে যে এই গোটেই কথাখিনি আকৌ পুনৰীক্ষণৰ প্ৰয়োজন হৈছে যে অৰ্দ্ধ-আইনী স্বেচ্ছাসেৱক হবলৈ উপযুক্ত মানুহ কোন।প্ৰথম অৱস্থাত অৰ্দ্ধ আইনী স্বেচ্ছাসেৱক সকলৰ প্ৰশিক্ষণৰ আচঁনিখন দুদিন বা তিনিদিনীয়া আছিল। পিছে যিহেতুকে অৰ্দ্ধ আইনী স্বেচ্ছাসেৱকসকলৰ বাধ্য বাধকতাখিনি প্ৰকৃতিগত ভাৱে ব’হল, গতিকে অৰ্দ্ধ আইনী স্বেচ্ছাসেৱকসকলক অলপ দীঘলীয়া ধৰণে প্ৰশিক্ষণ দিয়াৰ কথাটো চিন্তা-চৰ্চা কৰা হ’ল। সেই একে খিনি সময়তে ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰীয়ে অৰ্দ্ধ আইনী স্বেচ্ছাসেৱকসকলৰ প্ৰশিক্ষণৰ বাবে যিখন পাঠ্যক্ৰম যুগুতাব, অৰ্দ্ধ আইনী স্বেচ্ছাসেৱকসকলক সম্পূৰ্ণ অধিবক্তা বনোৱা পাঠ্যক্ৰম হব নোৱাৰে।অৰ্দ্ধ আইনী স্বেচ্ছাসেৱকসকলেও নিজে নিজে অধিবক্তা হবলৈ আশা কৰা নাই। প্ৰশিক্ষণৰ উদ্দেশ্যটো হৈছে মানুহৰ মৌলিক গুণ সমূহ, যেনে, সহানুভূতি, সুখ-দুখৰ চিন্তাধাৰাৰ অংশীদাৰী আৰু এটা ন্যায্য বিষয়ত থুপ খাই থকা হব লাগিব আৰু টকা-পইচাৰ আশা বাদ দি স্বেচ্ছাই সেৱা আগবঢ়াব পৰা হব লাগিব। তেনে হলেহে অৰ্দ্ধ আইনী স্বেচ্ছাসেৱকসকলে আৰু ব্যৱসায়ীক অধিবক্তাৰ মাজৰ এই লক্ষণ ৰেখা ডাল আগ্ৰহেৰে ৰক্ষা কৰিব পাৰিব।

    Downloads
    পি. এল. ভি তালিকা
    TitleSizeDetail
    Scheme for Para-Legal Volunteers (Revised) & Module for PLV Training254.47 KBswf-image
    Scheme for Implementing Para-Legal Volunteers Project616.55 KBswf-image