মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিধায়িনী অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী

আইনী সজাগতা/ স্বাক্ষৰতা

  • অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকাৰীয়ে আন আন আইনী সেৱা প্ৰতিষ্ঠান আৰু বেচৰকাৰী (NGOs) সন্থাৰ লগ হৈ মানুহক তেওঁলোকৰ অধিকাৰ আৰু আইনী সেৱা প্ৰতিষ্ঠানৰ অংশ আৰু কৰ্মৰ বিষয়ে সজাগতা অনা কামত আত্মনিয়োগ কৰিছে। এই লক্ষ্যত উপনীত হবলৈ কেইবাবিধো ব্যৱস্থা, যেনে, সভা আহ্বান, বক্তৃতানুস্থান, প্ৰচাৰ পত্ৰিকা বিতৰণ, দূৰদৰ্শনৰ অনুস্থানত অংশগ্ৰহণ, অনাতাঁৰ অনুস্থান, ফোন ইন, অনুস্থান আদি ৰাইজৰ লগত বাৰ্ত্তালাপত অংশ লবলৈ সজাগতা সৃষ্টিৰ বাবে ভিন্ন- ব্যৱহাৰৰ বাবে ‘ভান’ বাটৰ নাট, চমু তথ্য চিত্ৰ, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা আইনী ব্যৱস্থাৰ ওপৰত সাংস্কৃতিক অনুস্থান, বিভিন্ন ধৰণৰ প্ৰতিযোগিতা যেনে, চিত্ৰশিল্প, ৰচনা লিখা, তৰ্ক আৰু বক্তৃতা প্ৰতিযোগিতা অনুস্থিত কৰা হৈছে।

             ভিন ভিন ঠাইত মানুহৰ প্ৰয়োজনৰ ওপৰত নিৰ্ভৰ কৰি আইনী স্বাক্ষৰতাৰ প্ৰয়োজনীয়তাৰ বাবে বিশেষ বিশেষ ব্যৱস্থা লোৱা হৈছে। আইনী সেৱাৰ কৰ্ম আদিৰ উপযোগিতা আৰু ভূমিকা উন্নত কৰিবলৈ বুলি আইনৰ ছাত্ৰ সকলৰ বাবে অন্তৰ্ৱতীকালিন কাৰ্য্যসূচীৰ ব্যৱস্থা আছে। আইনী সেৱাৰ লক্ষ্য আগুৱাই নিবলৈ বুলি আইন মহাবিদ্যায় সমূহত আইনী সাহায্য চিকিত্সালয় স্থাপন কৰা হৈছে। বিদ্যালয় আৰু মহাবিদ্যালয় স্তৰত আইনী স্বাক্ষৰতা আঁচনি সমূহ সংগঠিত কৰা হৈছে।

    অসমত  আইনী স্বাক্ষৰতাৰ সজাগতা সৃষ্টিৰ শিবিৰৰ সংখ্যাঃ-

    সময়আইনী সজাগতাৰ শিবিৰৰ সংখ্যা

    এপ্ৰিল, ২০১২ - মাৰ্চ, ২০১৩

     

    এপ্ৰিল, ২০১৩ – মাৰ্চ, ২০১৪

     

     

    এপ্ৰিল, ২০১৪ - মাৰ্চ, ২০১৫

     

     

    এপ্ৰিল, ২০১৫ - মাৰ্চ, ২০১৬      

     

     

    এপ্ৰিল, ২০১৬ - মাৰ্চ, ২০১৭  

     

     

    মুঠ