মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিধায়িনী অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী

পেৰা লিগেল্ স্বেচ্ছাসেৱকৰ আঁচনি (সংশোধিত)

  • ২০০৯ বৰ্ষত ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকাৰীয়ে অৰ্ধ-আইনী স্বেচ্ছাসেৱক আঁচনি নামেৰে এখন আঁচনি তৈয়াৰ কৰা হৈছে যাৰ উদ্দেশ্য হৈছে জীৱনৰ পাঠেৰে শিক্ষিত ভিন্ন শ্ৰেণীৰ পৰা স্বেচ্ছাসেৱক নিৰ্বাচিত কৰি আইনৰ প্ৰশিক্ষণ দিয়া যাতে এই অৰ্ধ-আইনী স্বেচ্ছাসেৱক আঁচনি প্ৰক্ৰিয়াৰ জৰিয়তে সকলো শ্ৰেণীৰ মানুহে বাধা অতিক্ৰম কৰি আইনী সকাহৰ দ্বাৰা ন্যায় লাভ কৰিব পাৰে। অৰ্ধ-আইনী স্বেচ্ছাসেৱকসকলক সাধাৰণ মানুহ আৰু আইনী সেৱাসমূহৰ মাজত মধ্যস্থতাকাৰী হিচাপে আশা কৰিব পাৰি যাতে যিকোনো পৰিস্থিতিতে ন্যায় প্ৰাপ্তিৰ ক্ষেত্ৰত বাধাসমূহ আঁতৰাব পাৰে। অৱশেষত এই প্ৰক্ৰিয়াৰ দ্বাৰা যাতে আইনী সেৱা প্ৰতিষ্ঠানসমূহৰ ওচৰত জনসাধাৰণ হাজিৰ হোৱাতকৈ এই আইনী সেৱা প্ৰতিষ্ঠানসমূহক সৰ্বসাধাৰণৰ দুৱাৰমুখত পাব পৰা ব্যৱস্থা কৰা হয়। 'অৰ্ধআইনীসমূহ'ৰপশ্চিমীয়া ধাৰণা ভাৰতীয় ধাৰণাৰ সৈতে সম্পূৰ্ণ একে নহয় কাৰণ ভাৰতৰ সম্প্ৰদায়সমূহৰ অধিক সংখ্যক মানুহেই শিক্ষিত নহয়। প্ৰশিক্ষণৰ সময়খিনি নিয়মিয়া শৈক্ষিক পাঠ্যক্ৰমৰ সৈতে একেলগে প্ৰযোজ্য নহয়। এইটো এটা সেতু পাঠ্যক্ৰমৰ দৰে হোৱা উচিত যিটো সৰল আৰু প্ৰয়োজন সাপেক্ষে গুণগত হয়। অৰ্ধ-আইনী স্বেচ্ছাসেৱকসকলক আইনৰ প্ৰাথমিক প্ৰশিক্ষণ দিয়া হয় যিবিলাক একেবাৰে নিম্ন ক্ষেণীৰ সৈতে সংগতি ৰাখি দৈনন্দিন জীৱনত প্ৰযোজ্য হয়, ন্যায় ব্যৱস্থাপনাৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ ভূল আৰু বিভিন্ন ধৰণৰ কৰ্মৰতসকল যেনে পুলিচ, সমাজ সেৱা বিভাগৰ বিষয়াসকল, মহিলা আৰু শিশু সেৱা বিভাগ আৰু আন আন বিভাগ আৰু আন আন বিভাগসমূহ যিয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনিৰ কাম কৰে, তেওঁলোকৰ ভিতৰত আনকি সুৰক্ষা বিষয়াজনো ঘৰুৱা হিংসা আৰু কিশোৰী ন্যায় আইনৰ ভিতৰত পৰিব পাৰে। তেওঁলোকে আইনৰ প্ৰাথমিক জ্ঞান আৰু আন আন উন্নয়নমূলক ব্যৱস্থাসমূহৰ দ্বাৰা তেওঁলোকৰ ওচৰ-চুবুৰীয়াত সহায় আগবঢ়াব পাৰে। যিসকল লোকক এনে সহায়ৰ প্ৰয়োজন আছে, যি এই অধিকাৰৰ বিষয়ে সচেতন নহয় কামে কাজেও যাতে অধিকাৰসমূহ লাভ কৰিব পাৰে। অৰ্ধ-আইনী স্বেচ্ছাসেৱকসকলে কেৱল আইন আৰু ন্যায় ব্যৱস্থাৰ সজাগতা সম্পৰ্কেই কাম নকৰে তেওঁলোকে সৰু সুৰা গোটসমূহৰ মাজৰ আইন সম্বন্ধীয় বাদানুবাদ শান্তিপূৰ্ণ পৰামৰ্শ দানেৰে উত্সতে সমাধান কৰিবলৈ প্ৰশিক্ষণ দিয় হয়, যাৰ ফলত আইনী সেৱা প্ৰাধিকাৰী/এ ডি আৰ কেন্দ্ৰসমূহৰ ওচৰলৈ যাওঁতে হবলগীয়া কষ্ট লাঘৱ হয়। যদি এনেকুৱা কিছুমান বাদানুবাদ থাকে যাক উত্সতে অৰ্ধ-আইনী স্বেচ্ছাসেৱকসকলৰ সহযোগত সমাধান কৰিব নোৱাৰি, সেইবিলাক এ ডি আৰ কাৰ্য্যালয়লৈ লৈ যোৱা হয় যত ভাৰপ্ৰাপ্ত সম্পাদকৰ সহায়ত লোক আদালত নাইবা মধ্যস্থতা কেন্দ্ৰলৈ লৈ যোৱা হয় নহলে সমস্যাৰ ওপৰত নিৰ্ভৰ কৰি উপযুক্ত ন্যায়ৰ বাবে আদালতলৈ লৈ যোৱা হয়। যদিও প্ৰথমতে এন এ এল এছ এ আঁচনিৰ জৰিয়তে অৰ্ধ-আইনী স্বেচ্ছাসেৱকসকলক অধিবক্তা আৰু অধিবক্তা সমাজৰ মাজত আইনী ভাতৃত্ববোধ বজাই ৰখাৰ বাবে প্ৰশিক্ষণ দিয়া হৈছিল, পিছলৈ অভিজ্ঞতাৰ ফালৰ পৰা চাই সেইটো বাদ দিয়া হৈছিল কাৰণ অধিবক্তাসকলৰ মাজত পেছাদাৰী স্থিতাৱস্থাক লৈ সংঘৰ্ষ হৈছিল। সত্যটো হল এইটো যে দূৰৈত থকা নাম নথকা মানুহে অধিবক্তাৰ সুবিধা নাপাব, অৰ্ধ-আইনী স্বেচ্ছাসেৱকসকলে এইসকলৰ অভ্যাস বৰ্তাই ৰখাত বাধা দিব আৰু ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকাৰীয়ে সেই অধিবক্তা গৰাকীক অৰ্ধ-আইনী স্বেচ্ছাসেৱক হিচাপে তালিকাভুক্ত নকৰিব। ২০০৯ চনৰ পিছত অভিজ্ঞতাৰ পৰা আৰু সত্যতাৰ পৰা ঠাৱৰ কৰিব পাৰিব যে নিৰ্দ্দিষ্ট ক্ষেত্ৰৰ অৰ্ধ আইনীবোৰে দেখুৱাই যে গোটেই বিষয়টোৰ ওপৰত নতুনকৈ চকু দিবলৈ আৰু অৰ্ধ-আইনী স্বেচ্ছাসেৱকৰ কি কাম সেইটো ঠিক কৰা। প্ৰথমতে অৰ্ধ-আইনী স্বেচ্ছাসেৱকসকলৰ প্ৰশিক্ষণ অনুষ্ঠান কেৱল দুই তিনিদিনৰ বাবেহে হৈছিল, কিন্তু পিছলৈ অনুভৱ কৰা হল যে অৰ্ধ-আইনী স্বেচ্ছাসেৱকসকলৰ কৰ্তব্য বহুত আৰু তাৰ বাবে দীঘলীয়া প্ৰশিক্ষণৰ প্ৰয়োজন। একেসময়তে ৰাষ্ট্ৰীয় আইনী সেৱাপ্ৰাধিকাৰীয়েঅৰ্ধ-আইনী স্বেচ্ছাসেৱকসমূহৰ বাবে তৈয়াৰ কৰা পাঠ্যক্ৰম অৰ্ধ-আইনী স্বেচ্ছাসেৱকসমূহৰ বাবে নে অধিবক্তাৰ বাবে ধৰিব নোৱাৰি। অৰ্ধ-আইনী স্বেচ্ছাসেৱকসমূহে নিজআইনী পেছাদাৰী হিচাপে আশা কৰিব নোৱাৰিব। প্ৰশিক্ষণৰ মুখ্য উদ্দেশ্য হোৱা উচিত মানুসৰ প্ৰাথমিক গুণসমূহ যেনে সহানুভূতিশীলতা, বুজনশীলতা আৰু সত্যতা আৰু টকা-পইচাৰ লাভ আশা নকৰাকৈ স্ততঃপ্ৰবৃত্ত সেৱা আগবঢ়োৱাৰ প্ৰৱণতা। তেতিয়াহে অৰ্ধ-আইনী স্বেচ্ছাসেৱকসকল অধিবক্তাসকলতকৈ পৃথক বুলি উত্সাহেৰে কোৱা উচিত হব।

    Downloads
    পেৰা লিগেল্ স্বেচ্ছাসেৱকৰ আঁচনি (সংশোধিত)
    TitleSizeDetail
    পেৰা লিগেল্ স্বেচ্ছাসেৱকৰ আঁচনি (সংশোধিত)254.47 KBswf-image