মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিধায়িনী অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী

ইতিহাস

  • আইনী সেৱা প্ৰাধিকাৰী আইন, ১৯৮৭( Legal Services Authorities Act, 1987) ৰ অধীনত অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণ( ASLSA) খন গঠন কৰা হয়,- যাতে সমাজৰ দুৰ্বল শ্ৰেনীলৈ বিনামূলীয়াকৈ আইনী সেৱা আগবঢ়োৱাৰ লগতে বিবাদ সমূহ সুস্থিৰ ভাৱে মীমাংসা কৰিবলৈ লোক আদালত প্ৰতিস্থা কৰা হয়।

    গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ মাননীয় শ্ৰী অজিত্ সিং ডাঙৰীয়াই হৈছে এই প্ৰাধিকৰণৰ মূখ্য পৃষ্ঠ পোষক আৰু মাননীয় ন্যায়াধীশ শ্ৰী হৃষিকেশ ৰয়, ন্যায়াধীশ হৈছে এই প্ৰাধিকৰণৰ কাৰ্য্যকৰী অধ্যক্ষ।

    গুৱাহাটী উচ্চ ন্যায়ালয় ৰ অ’ল্ড ব্লক, ১ ম মহলা, গুৱাহাটী- ৭৮১০০১ অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী প্ৰতিষ্ঠাস্থাপিত হৈ আছে।

    প্ৰতিখন ৰাজ্যতেৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকাৰীৰ নিৰ্দ্দেশ আৰু নীতি সমূহ কাৰ্য্যকৰীকৰণৰ বাবে ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী প্ৰতিষ্ঠা কৰা গৈছে, যাতে মানুহ বিলাকক বিনামূলীয়া আইনী সেৱা প্ৰদান কৰাৰ লগতে লোক আদালতত প্ৰতিস্থা কৰিব পৰা যায়। ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ মূৰব্বী হৈছে উচ্চ ন্যায়ালয়ৰ মাননীয় মূখ্য ন্যায়াধীশ ডাঙৰীয়া, পৃষ্ঠপোষক,

    প্ৰতিখন জিলাতে আইনী সেৱা আচঁনিখন কাৰ্য্যকৰী কৰিবলৈ জিলা আইনী সেৱা প্ৰাধিকৰণ প্ৰতিস্থা কৰা হৈছে। জিলা আইনী সেৱা প্ৰাধিকৰণখন প্ৰতিখন জিলাৰ আদালতত চৌহদত প্ৰতিস্থিত আৰু তাৰে অধ্যক্ষ হৈছে সেইখন জিলাৰ জিলা আৰু সত্ৰ ন্যায়াধীশ গৰাকী।