মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিধায়িনী অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী

আইনী সাহায্য

  • আইনী সেৱাত আইনী সাহায্যৰ কামটো বৰ দৰ্কাৰী। ৰাষ্ট্ৰীয় আইন সেৱা (বিনামূল্য আৰু সামৰ্থ্য আইনী সেৱা) বিনিয়ম, ২০১০ ৰ অধীনত তালিকাভূক্ত অধিবক্তাৰ জৰিয়তে এনে আইনী সাহায্য আগবঢ়োৱা হয়।  এনে আইনী সাহায্য নিম্নোক্ত (৮) আঠটা শ্ৰেণীৰ উপভোক্তালৈ আগবঢ়োৱা হয়ঃ-

    • অনুসূচীত জাতি/ জনজাতিৰ ব্যক্তিলৈ
    • ভিক্ষা বৃত্তিত লগাবলৈ মানৱ সৰবৰাহৰ বুলি হোৱা, যিটো কথা ভাৰতৰ সংবিধানৰ ২৩ নং অনুচ্ছেদ অন্তৰ্গত
    • মহিলা বা শিশু
    • অক্ষম ব্যক্তি (সমান সা-সুবিধা, অধিকাৰ সাব্যস্ত আৰু পূৰ্ণ সহযোগিতা) আইন, ১৯৯৫ ৰৰ ২ নং ধাৰাৰ (১) নং দফাত উল্লেখিত অক্ষম ব্যক্তি
    • যি কোনো ধৰণৰ অনুচিত অৱস্থাৰ মুখামুখী হোৱা লোক যেনে গণ বিপ্লৱৰ সন্মুখীন হোৱা, জাতিগত সংঘৰ্ষ, গোষ্ঠীগত সংঘৰ্ষ, বানপানী, খৰাং, ভূমিকম্প বা ঔদ্যোগিক দুৰ্যোগ বা
    • এজনী ঔদ্যোগিক কৰ্মী বা
    • জুভেনাইল জাষ্টিচ এক্ট, ১৯৮৬ ৰ ২ নং ধাৰাৰ অন্তৰ্গত (জি)দফা(clause g)ত উল্লেখ থকা মতে যি কোনো আশ্ৰয় গৃহত থকা বা মানসিক চিকিত্সালয় বা নাচিং হোম, যিটো মেন্টেল হেল্থ এক্ট, ১৯৮৭ ৰ ২ নং ধাৰাৰ ‘ জি’ দফাত অন্তৰ্ভূক্ত বা
    • যদিহে বাৰ্ষিক আয় পইসত্তৰ হাজাৰ টকাতকৈ কম(অসম ৰাজ্যৰ বাবে) বা ৰাজ্য চৰকাৰে তেনেকুৱাকৈ নিৰূপন কৰা বেছি টকা, যদিহে তেনে মোকদৰ্মা উচ্চতম ন্যায়ালয়ত বাহিৰে আন কোনো ন্যায়ালয়ত বিচাৰ্য্য বিষয় হৈ আছে আৰু কেন্দ্ৰীয় চৰকাৰে ধাৰ্য্য কৰা মতে পইসত্তৰ হাজাৰ টকা বা তেনে কোনো পৰিমাণৰ টকা, যিটো মোকদৰ্মা উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে।