মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিধায়িনী অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী

কৌশল

  • দুৰ্যোগৰ বলি হোৱা সকললৈ আইনী সাহায্যৰ কৌশলঃ-

    • চৰকাৰী আৰু বেচৰকাৰী সন্থা সমূহৰ দ্বাৰা দুৰ্য্যোগৰ বলি হোৱা সকলোলৈ তত্কালিন ভাৱে সাহায্য প্ৰদান নিশ্চিত কৰা
    • চৰকাৰী বিভাগসমূহ আৰু বেচৰকাৰী সন্থা সমূহৰ লগত তাত্ক্ষণিক ভাৱে সাহায্য প্ৰদানৰ বাবে সমন্বয় স্থাপন কৰা
    • সাহায্য সামগ্ৰী সমূহ বিতৰণত তদাৰক কৰা
    • অস্থায়ী শিবিৰ স্থাপন বা ভূক্তভোগী মানুহ বিলাকক নিৰাপদ স্থানলৈ নিয়া কামৰ তদাৰক কৰা
    • পৰিয়াল সমূহৰ পুনৰ্মিলনৰ তদাৰক কৰা
    • ভুক্তভোগী সকলৰ স্বাস্থ্যৰ যত্ন আৰু মহামাৰী বিয়পা ৰোধৰ তদাৰক কৰা
    • মহিলা আৰু শিশু বিলাকৰ প্ৰয়োজনীয় বস্তু বিলাকৰ তদাৰক কৰা
    • খাদ্য, খোৱা পানী আৰু ঔষধৰ পৰ্য্যাপ্ততা নিশ্চিত কৰা
    • নষ্ট হোৱা বাসগৃহ সমূহ মেৰামত কৰাৰ তদাৰক কৰা
    • গৰু-ম’হৰ পুনৰ্সংস্থাপন আৰু আন মাল বস্তু সমূহ প্ৰতিস্থাপনৰ তদাৰক কৰা
    • সাহায্য শিবিৰত ভুক্তভোগী সকলৰ আইনী অধিকাৰৰ ওপৰত আইনী সজাগতা আচঁনি
    • মূল্যবান নথি সমূহ পুনঃপ্ৰতিস্থা কৰাত সহায় কৰাৰ বাবে ভূক্তভোগীৰ অঞ্চলত আইন সাহায্য চিকিত্সালায় সংগঠিত কৰা
    • মাউৰা ল’ৰা-ছোৱালী বিলাকৰ পুনঃসংস্থাপন, ভৱিষ্যতৰ যত্ন আৰু শিক্ষাৰ প্ৰতি যত্ন লোৱা
    • ভুক্তভোগী সকলৰ ঋণ মাফ কৰিবলৈ যথোচিত পদক্ষেপ লোৱা
    • বুঢ়া আৰু অক্ষম ব্যক্তি,- যি বিলাকে তেওঁলোকক সাহায্যকাৰী পৰিয়ালক হেৰুৱাইছে,- তেনে লোকক পুনঃসংস্থাপন
    • বীমাৰ পলিচি সংক্ৰান্তিৰ সমস্যা সমূহ
    • হেৰাই যোৱা ব্যৱসায় আৰু কাম-কাজ সমূহ পুণৰ আৰম্ভ কৰিবলৈ বেঙ্কৰ ঋণৰ ব্যৱস্থা কৰা
    • দুৰ্য্যোগৰ ফলত মানসিক আঘাত আৰু হতাশাত ভোগা ভু্ক্তভোগী সকলক চিকিত্সা পৰামৰ্শ আগবঢ়াবলৈ মনোবিজ্ঞানী/ মানসিক ৰোগৰ বিশেষজ্ঞৰ সেৱাৰ ব্যৱস্থা কৰা
    • জিলা আইনী সেৱা প্ৰাধিকাৰীয়ে মূল দলটোৰ(Core Group)পৰা প্ৰতিবেদন সংগ্ৰহ কৰিব।
    Downloads
    TitleSizeDetail
    Detailed Strategy for Legal Aid to the Victims85.49 KBswf-image