মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিধায়িনী অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী

পাতনি

  • আইনী সেৱা প্ৰাধিকাৰী আইন, ১৯৮৭ ৰ ১২ নং ধাৰৰ উপধাৰা (ই) ত উল্লেখ আছে যে দুৰ্যোগৰ বলি হৈ অনাকাংখিত পৰিস্থিতিৰ মুখামুখী হোৱা লোক সকলে বিনামূলায়াকৈ মোকৰ্দ্দমা ৰুজু কৰিবলৈ বা প্ৰতিবাদ কৰিবলৈ আইনী সাহায্য পাব। কিন্তু প্ৰাকৃতিকেই হওঁক বা মানৱসৃষ্টই হওঁক তেনে দুৰ্ঘটনাৰ বলি হোৱা মানুহ বিলাক প্ৰায়ে অসাৱধান হৈ থাকে আৰু প্ৰাণহানি, গৃহহীন, সা-সম্পত্তি ধ্বংশ হোৱা বা গোটেই পৰিবেশেই নষ্ট হোৱাৰ দৰে ভয়ঙ্কৰ পৰিস্থিতিৰ এনেদৰে মুখামুখি হয় যে স্থানীয় বাসিন্দাখিনিয়ে সেই অঞ্চলত তেনে পৰিস্থিতি চম্ভালিবলৈ অসমৰ্থ হয়।

       যদিও চৰকাৰ আৰু স্থানীয় প্ৰশাসন হে এই ক্ষেত্ৰত আগবাঢ়ি আহি দুৰ্য্যোগৰ বলি হোৱা মানুহ খিনিক সহায় কৰিব লাগে, তথাপি ১২ নং ধাৰাৰ অধীনস্থ উপধাৰা(ই) ৰ গুণত আইনী সাহায্য প্ৰাধিকাৰীয়ে এই ক্ষেত্ৰত কৌশলী ভাৱে মধ্যস্থ কাৰীৰ ভূমিকা লৈ ৰাজ্য চৰকাৰৰ কৰ্মৰাজিত সমন্বয়ক হব পাৰে; যিটোৱে এক সংযুক্ত আৰু বহনক্ষম ধৰণে দুৰ্য্যোগৰ গাঢ়তা কমাই আনি সোনকালে দুৰ্য্যোগ নিৰাময় আৰু উন্নয়নৰ বাবে মঞ্চ এখন সজাব পাৰে। আইনী সাহায্য প্ৰাধিকাৰীয়ে দুৰ্য্যোগৰ বলি হোৱা মানুহ খিনিৰ ক্ষতি কমাবলৈ আৰু প্ৰশাসনক সহায় কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰিব যাতে সকলো স্তৰৰ মানুহৰে দুৰ্য্যোগ লগত মোকাবিলা কৰিবলৈ নীতি আৰু কৌশল, ভৌগোলিক আৰু মানৱ সৃষ্ট ঘাইল কৰিব পৰা পৰিস্থিতিৰ অৱনমন কৰা আৰু মানৱ সৃষ্ট আৰু প্ৰাকৃতিক দুৰ্য্যোগ পৰিচালনাৰ সক্ষমতা বৃদ্ধি হয়।