মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিধায়িনী অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী

মানসিক ৰোগীৰ বিষয়ে

  • মানসিক ৰোগীলৈ আইনী সেৱা আগবঢ়াওতে ভাবিব লগীয়া কথা

    • মানসিক ৰোগ ভাল কৰিব পাৰিঃ- আইনী সেৱাৰ প্ৰতিষ্ঠান সমূহে এটা কথা মনত ৰাখিব যে সঠিক ভাৱে ঔষধ প্ৰয়োগ কৰি যত্ন ললে মানসিক ৰোগ ভাল হয়।
    • মানসিক ৰোগী বিলাকেও সকলো ধৰণৰ মানৱ অধিকাৰ আৰু মৌলিক মু্ক্তি পাব পাৰেঃ-

    মানসিক ৰোগী বিলাকলৈ আইনী সেৱা আগবঢ়াওতে আইন সেৱা প্ৰতিষ্ঠান সমূহে এটা কথা প্ৰধানকৈ মনত ৰাখিব লাগিব যে মানসিক ৰোগী বিলাকক যাতে আন সকলোৰে দৰে সম্পূৰ্ণ মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতা আগুৱাই দিয়া, সুৰক্ষা দিয়া আৰু নিশ্চিত দিয়া হয়।

    • মানসিক ৰোগীসকলৰ পৈত্ৰিক মৰ্য্যাদাক সন্মানঃ-

    আইন সেৱা প্ৰদানকাৰী অনুস্থান সমূহে মানসিক ৰোগী বিলাকৰ পৈত্ৰিক মৰ্য্যাদা, ব্যক্তিগত স্বকীয়তাৰ লগতে ব্যক্তিগত স্বাধীনতাৰ প্ৰতি সন্মান বৃদ্ধি কৰিব লাগিব।

    • ভেদাভেদ পৰিহাৰ কৰিব লাগেঃ-

    মানসিক ৰোগগ্ৰস্থ মানুহখিনিক তেওঁলোকৰ অৱনত মানসিক অৱস্থাটোৰ বাবেই আইনী সেৱা প্ৰতিষ্ঠান সমূহে ভেদভাৱ পুহিব নালাগে। এই কথাটো সদায় মনত ৰাখিব লাগিব যে তেওঁলোকৰ প্ৰতি কৰা ব্যৱহাৰো আনবিলাকৰ প্ৰতি কৰাৰ দৰে ভেদাভেদহীন হোৱা দৰ্কাৰ,- কিয়নো আইনৰ দ্ধাৰা সুৰক্ষা আৰু লাভালাভ সমূহ তেওঁলোকেও সমানে পাব লাগিব।

    • যুক্তিসঙ্গত ব্যৱস্থাঃ- আইন সেৱা প্ৰতিষ্ঠান সমূহে এটা কথাত নিশ্চিত হব লাগিব যে, প্ৰয়োজন সাপেক্ষে মানসিক ৰোগী এজনলৈ সঠিক ভাৱে পৰিবৰ্ত্তন কৰা আৰু ঠিক ঠাক কৰি দিয়া পৰিস্থিতিত যেন ৰখা হয়, যাতে তেওঁলোকোও আন আন মানুহৰ দৰে মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতা সমূহ সমানে ভোগ কৰিব পাৰে।(Article-2 of CRPD দ্ৰষ্টব্য)।
    • মানসিক ৰোগী ব্যক্তিৰ চিকিত্সা সেৱা পোৱাৰ অধিকাৰঃ-

    ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদত উল্লেখিত সঠিক স্বাস্থ্য সেৱা পোৱাৰ অধিকাৰৰ কথাখিনি সকলো বিলাক মানসিক ৰোগীৰ ক্ষেত্ৰতে প্ৰযোজ্য।মানসিক ভাৱে ৰোগগ্ৰস্থ ব্যক্তিক অবৈধ ভাৱে বন্দী কৰি থোৱা নাইবা অন্ধ বিশ্বাস নাইবা অৰ্থৰ অভাৱৰ বাবে চিকিত্সা নকৰা ৰোগী বিলাকক মানসিক ৰোগৰ চিকিত্সালয় বা মানসিক ৰোগৰ ‘নাৰ্চিং হোমত’ চিকিত্সা সেৱা আগবঢ়োৱাতো সুনিশ্চিত কৰিব লাগে। মানসিক স্বাস্থ্য আইন, ১৯৮৭ (Mental Health Act,1987)আইন খনৰ ৪ ৰ্থ অধ্যায়ত লিপিবদ্ধ কৰা ব্যৱস্থাক উপযুক্ত ক্ষেত্ৰত প্ৰয়োগ কৰিব পৰা যায়।

    • চিকিত্সাৰ বাবে সন্মতিৰ খবৰঃ- যেতিয়া এজন মানুহক মানসিক অসুখৰ বাবে চিকিত্সা কৰা যায়, তেতিয়া সেই মানুহজনৰ পৰা সন্মতি আদায় কৰিহে যে চিকিত্সা আৰম্ভ কৰা হৈছে, সেই কথাটো আইনী সেৱা প্ৰতিস্থানে নিশ্চিত কৰিব লাগে। যদি কোনো মানুহে তেনেদৰে সন্মতি দিবলৈ অক্ষম, তেন্তে তেনে লোকৰ সম্পৰ্কীয় লোক বা বন্ধু বান্ধৱৰ সন্মতিসূচক খবৰ পালেও হব; কিন্তূ যদিহে ৰোগী জনৰ তেনে কোনো সম্পৰ্কীয় লোক বন্ধু-বান্ধৱ নাই তেন্তে মানসিক স্বাস্থ্য আইন ১৯৮৭ ৰ (Mental Health Act,1987)৫ ম অধ্যায় ২ য় খণ্ডৰ মতে আদালতৰ সন্তূষ্টিৰ ভিত্তিত নিশ্চয়তা দিয়া যাব।
    • মোকৰ্দ্দমা চলি থাকোতে আটক কৰিবলৈ হুকুম হলে দিব লগা আইনী সেৱাঃ-

    এনেকুৱা ক্ষেত্ৰত আইন সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানটোৰ কাম হব সেই প্ৰতিষ্ঠানৰ তাবেদাৰ অধিবক্তা জনক সেই আদালতখনলৈ প্ৰতিনিধি হিচাপে পঠাব লাগিব যিখন আদালতে মানসিক স্বাস্থ্য আইন, ১৯৮৭ ৰ ৪ ৰ্থ অধ্যায়ৰ ৩ য় খণ্ডত উল্লেখিত আটক কৰিবলৈ আদেশ পোৱা দৰ্খাস্ত বিলাক গ্ৰহণ কৰে। আদালতৰ যিজন দণ্ডাদীশে এনেকুৱা দৰ্খাস্ত বিলাক গ্ৰহণ কৰি ব্যৱস্থা গ্ৰহণ কৰে, তেখেতক আইনী সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানটোৰ অধিবক্তাজনে এই কথাটো বুজাব লাগিব যে, এই আটক কৰিব লগা ব্যক্তিজন যিটো অঞ্চলৰ সেই অঞ্চলখিনি তেওঁলোকৰ এলেকাৰ ভিতৰত পৰে আৰু সেই এলেকাৰ মানসিক ৰোগী বিলাকক চোৱা-চিতা কৰাৰ বাবে তেওঁলোকে জাননী পাইছে। তাবেদাৰ অধিবক্তাজনে এইবাৰ গোটেই পৰিস্থিতিৰ ওপৰত তথ্য সংগ্ৰহ কৰিব আৰু মানসিক ৰোগী বুলি অভিযুক্ত ব্যক্তিজনৰ সম্পৰ্কীয় লোক, মানসিক ৰোগীৰ চিকিত্সালয়, মানসিক ৰোগীৰ বাবে থকা ‘ নাৰ্চিং হোম ’ বা তেনে কোনো যোগ্য ব্যক্তিৰ লগত যোগোযোগ কৰি আটক কৰিবলৈ আদালতৰ পৰা আদেশ জাৰি কৰা লোকজনৰ অৱস্থা আচলতে এনে ধৰণৰহে বুলি পতিয়ন নিয়াব।

    • মানসিক ৰোগীৰ গোপনীয়তা আৰু মৰ্য্যাদাঃ-

    ভাৰতৰ সংবিধানৰ অন্তৰ্গত ২১ নং অনুচ্ছেদৰ মৰ্মে মানসিক ৰোগীৰ জীৱণৰ প্ৰতি অধিকাৰ সাব্যস্তৰ লগতে গোপনীয়তা আৰু মৰ্য্যাদাৰ অধিকাৰো সন্নিৱিষ্ট হৈ আছে। মানসিক ৰোগী বিলাকে ৰোগগ্ৰস্থ অৱস্থাত থমকি থকা অৱস্থা্ত তেওঁলোকৰ গোপনীয়তা আৰু মৰ্য্যাদা খিনি আইনী সেৱা প্ৰতিস্থানে সদায় বাহাল ৰাখিব লাগিব। এই কথা খিনি বিশেষকৈ মানসিক ৰোগগ্ৰস্থ মাইকী মানুহ খিনিৰ ক্ষেত্ৰত যিখিনি ৰোগীয়ে নিজৰ যত্ন লবলৈও অপাৰগ, তেনে ৰোগীৰ ক্ষেত্ৰতে প্ৰযোজ্য হব।

    • মানসিক ৰোগগ্ৰস্ত লোকৰ আন আন মৌলিক অধিকাৰৰ সুৰক্ষাঃ-

    মানসিক ৰোগী বিলাকৰ বা ব্যৱস্থা কৰা আইনী সেৱা প্ৰাধিকাৰীৰ লগত আলোচনা মৰ্মে মানসিক চিকিত্সালয়, মানসিক ৰোগী ৰখা নাৰ্চিং হোম বা তেনেকুৱা আন আন ঠাই সমূহ পৰিদৰ্শন কৰি সেই ঠাই সমূহ যে ৰোগী থকাৰ বাবে সম্পূৰ্ণ মানৱীয় দিশত উপযুক্ত, সেই কথাত নিশ্চিত হব লাগে। যদিহে মানৱীয় দিশৰ পৰা সেই ঠাই সমূহ ৰোগী থকাৰ বাবে উপযুক্ত নহয় তেন্তে সেই কথাটো আইনী সেৱাপ্ৰতিষ্ঠান সমূহে ৰাজ্যিক মানসিক সেৱা প্ৰাধিকাৰী আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি ব্যৱস্থা লব লাগে।

    • মানসিক চিকিত্সালয়, বা মানসিক ৰোগী ৰখা নাৰ্চিং হোমত আৱদ্ধ হৈ থকা মানসিক ৰোগীলৈ আইনী সেৱাঃ-

    আইন সেৱা প্ৰতিষ্ঠান সমূহে মানসিক চিকিত্সালয়, মানসিক ৰোগী থকা নাৰ্চিং হোম বা তেনে ঠাই সমূহ সঘনাই পৰিদৰ্শন কৰিব আৰু তেনে মানসিক ৰোগী সকলৰ পৰা কিবা আইনী সমস্যা আছে নেকি তাৰে ওপৰত খবৰ-বাতৰি সংগ্ৰহ কৰিব, যিটো আইনী সমস্যা মানুহজন মানসিক ৰোগগ্ৰস্থ হোৱা বাবে হয়তো সমাধা কৰিব পৰা নাই। এনেদৰে সংগ্ৰহ কৰা বাতৰি সমূহৰ ওপৰত ভিত্তি কৰিয়েই আইন সাহায্য প্ৰতিষ্ঠান সমূহে সেই মানসিক ৰোগীজনৰ অধিকাৰ আইনগত দিশৰ পৰা সাৱ্যস্ত কৰিব। এনেকুৱা খবৰ সংগ্ৰহ কৰিবলৈ যাওঁতে আইন সাহায্য প্ৰতিষ্ঠানৰ দৰ্শনকাৰী সকলে মানসিক ৰোগী জন, চিকিত্সালয় কৰ্ত্তৃপক্ষ আৰু তেওঁৰ বংশ পৰিয়াল/বন্ধু-বান্ধৱ, যদিহে আছে, তেনে লোকৰ লগত আলাপ আলোচনা কৰিব।

    • মানসিক চিকিত্সালয় বা মানসিক ৰোগৰ নাৰ্চিং হোমত জোৰ পূৰ্ব্বক ৰোগী হিচাপে ভৰ্ত্তি কৰা হৈছে নেকিঃ-

    আইনী সেৱা প্ৰতিষ্ঠান সমূহে মানসিক চিকিত্সালয় বা মানসিক ৰোগীৰ নাৰ্চিং হোম পৰিদৰ্শন কৰিবলৈ যাওঁতে এই খবৰটো সংগ্ৰহ কৰিবলৈ যত্ন কৰিব যে কোনো লোকক জোৰ পূৰ্ব্বক ভাৱে চিকিত্সালখনত ৰোগীহিচাপে ভৰ্ত্তি কৰা হৈছে নেকি?  তেনে ক্ষেত্ৰত সেই মানুহ জনক চিকিত্সালয় বা নাৰ্চিং হোম খনৰ পৰা অব্যাহতি দিবলৈ বুলি আইনী ব্যৱস্থা হাতত লোৱা যাব।

    • আটকাধীন কৰিবলৈ আদেশ পোৱা মানসিক ৰোগীৰ আৱস্থাটো আইন সেৱা প্ৰতিস্থানে পৰ্য্যবেক্ষণ কৰাঃ-

    মানসিক স্বাস্থ্য আইন, ১৯৮৭ ৰ ৪ ৰ্থ অধ্যায়ৰ ৩ য় খণ্ডৰ অধীনত মানসিক ৰোগীজনক আটকাধীন কৰিবলৈ আদালতে আদেশ দিয়া মানসিক ৰোগী কোনো আইনী সেৱা প্ৰতিষ্ঠানৰ এলেকাত কিমানজন আছে তাৰে এখন তালিকা প্ৰস্তুত কৰি তেনে ৰোগীক চিকিত্সালয় বা নাৰ্চিংহোমত আটকাধীন কৰি সেই ৰোগীৰ মানসিক স্বাস্থ্যৰ পৰ্য্যবেক্ষণ কৰা। আটকাধীন কৰিবলৈ আদেশ পোৱা ৰোগী জনৰ চিকিত্সালয়ত থকাৰ পিছত স্বাস্থ্যৰ কিমান খিনি উন্নতি হৈছে, সেই কথা আইন সেৱা প্ৰতিস্থানে বিভাগীয় দণ্ডাধীশৰ অৱগত কৰাব।

    • বিচাৰাধীন অৱস্থাত আইনী সাহায্যঃ- যদিহে মানসিক ৰোগগ্ৰস্থ বুলি অভিযুক্ত লোকজনৰ সা-সম্পত্তি থাকে আৰু যদিহে মানসিক স্বাস্থ্য আইনৰ ৬ ষ্ঠ অধ্যায়ৰ অধীনত এক আইনী বিচাৰ কৰিব লাগে বুলি মানসিক স্বাস্থ্য আইনৰ ৫০ নং ধাৰাৰ অধীনৰ উপ-ধাৰা (১)ৰ অধীনস্থ (ক)ৰ পৰা (ঘ) দফাত উল্লেখ থকা মতে লোকে আবেদন নকৰে, তেন্তে আইন সেৱা প্ৰতিস্থানে জিলা আইন সেৱা প্ৰাধিকাৰীৰ লগত পৰামৰ্শ কৰি মানসিক ভাৱে ৰোগী বুলি অভিযুক্ত ব্যক্তিজনৰ মানসিক অৱস্থাৰ ওপৰত আইনী বিচাৰ আৰম্ভ কৰি মানুহজন আৰু তেওঁৰ সা-সম্পত্তিৰ দায়িত্ব গ্ৰহণৰ ব্যৱস্থা কৰিব। এই উদ্দেশ্যে আইনী সেৱা প্ৰতিস্থানে মানসিক স্বাস্থ্য আইন,১৯৮৭ ৰ ৫০ নং ধাৰাৰ অধীনস্থ উপ-ধাৰা(১) ৰ (ক) ৰ পৰা (ঘ) দফালৈ উল্লেখ থকা ব্যক্তিসকলৰ লগত যোগোযোগ কৰিব পাৰে আৰু ৰাজ্যৰ মহাধিবক্তা ডাঙৰীয়াক লিখিত ভাৱে জনাব পাৰে।
    • মানসিক ৰোগীৰ সম্পত্তি আত্মসাত্ কৰাৰ চেষ্টা চলিলে আইনী সেৱা প্ৰতিষ্ঠান সেই ঠাইলৈ যাব পাৰেঃ-

    মানসিক ৰোগী কোনো মানুহৰ সা-সম্পত্তি যদি কোনো মানুহে আত্মসাত্ কৰাৰ চেষ্টা চলাই বা প্ৰবঞ্চনা কৰিব খোজে, তেন্তে তেনে ক্ষেত্ৰত আইন সাহায্য প্ৰতিষ্ঠান সমূহে জিলা আইন প্ৰাধিকাৰীৰ লগত আলোচনা মৰ্মে মানসিক স্বাস্থ্য আইন,১৯৮৭ ৰ ৬ ষ্ঠ অধ্যায়ত থকা মতে ব্যৱস্থা লব পাৰে।

    • ফাটেকত থকা বিনা অপৰাধী মানসিক ৰোগীলৈ আইনী

    আইন সেৱা প্ৰতিষ্ঠান সমূহে জেইল পৰিদৰ্শন কৰিবলৈ পঠোৱা কোনো অধিবক্তাৰ মাৰফত্ এটা কথা জানিবলৈ চেষ্টা কৰিব লাগে যে বিনা- অপৰাধী কোনো মানসিক ৰোগী কোনোবাখন ফাটেকত আটকাধীন হৈ আছে নেকি? যদিহে তেনে ধৰণৰ মানসিক ৰোগী কোনোবোখন ফাটেকত থাকে, তেন্তে তেনে ৰোগীক আইনী সাহায্য প্ৰদান কৰি তেনে ফাটেকৰ পৰা উলিয়াই আনি মানসিক চিকিত্সালয় বা নাৰ্চিং হোম আইনমতে ভৰ্ত্তি কৰি চিকিত্সা কৰিব পৰা যায়।

    • অক্ষম ( সমান সুবিধা, অধিকাৰৰ সুৰক্ষা আৰু সম্পূৰ্ণ অংশীদাৰীত্ব )  ব্যক্তিলৈ পৰ্য্যাপ্ত সুযোগ প্ৰদানৰ আইন, ১৯৯৫ ৰ আইনী সেৱাঃ-

    অক্ষম ব্যক্তি(সমান সুবিধা, অধিকাৰৰ সুৰক্ষা  আৰু সম্পূৰ্ণ অংশীদাৰীত্ব) আইন, ১৯৯৫ ৰ ২ নং ধাৰাত উল্লেখ কৰা মতে  ‘ অক্ষম ’ ব্যক্তিৰ তালিকাত মানসিক ৰোগগ্ৰস্থ ব্যক্তিও অন্তৰ্ভুক্ত হয়।গতিকে আইন সেৱা প্ৰতিষ্ঠান সমূহে মানসিক ৰোগগ্ৰস্থ লোকসকললৈও PWD Act, 1995 ৰ অধীনত উপযুক্ত ক্ষেত্ৰত আইনী সেৱা আগবঢ়াব পাৰে।

    • মানসিক স্বাস্থ্য আইন,১৯৮৭ ৰ অধীনস্থ ৯১ ধাৰামতে মানসিক ৰোগীলৈ আইনী সাহায্যঃ-

    মানসিক স্বাস্থ্য আইন,১৯৮৭ ৰ অধীনস্থ ৯১ নং ধাৰাৰ অধীনত উল্লেখিত পৰিস্থিতিত আইন সেৱা এটা উল্লেখযোগ্য ভূমিকা লব পাৰে, যদিহে মানসিক ৰোগী জন কোনো মানসিক চিকিত্সালয় বা নাৰ্চিং হোমত ভৰ্ত্তি হৈ আছে; এই ক্ষেত্ৰত তেওঁৰ আৰ্থিক স্বচ্ছলতাৰ প্ৰমাণৰো কোনো প্ৰয়োজন নাই। যিয়ে হওঁক, ৯১ নং ধাৰৰ অধীনস্থ সকলো বিলাক মানসিক ৰোগীৰে যি বিলাক ক্ষেত্ৰত মানসিক ৰোগী জনে টকা-পইচা দি আইন ব্যৱসায়ী এজনক নিযুক্তি দিব নোৱাৰে, তেনে ক্ষেত্ৰত আইনী সেৱা আগবঢ়াব।

    • আইনী সজাগতা আচঁনি আৰু মানসিক ৰোগগ্ৰস্থ আৰু তেনে মানুহৰ অধিকাৰৰ সপক্ষে ৰাজহুৱা পক্ষৰ সমৰ্থনঃ-

    আইনী সেৱা প্ৰতিষ্ঠান সমূহে বিশেষকৈ গাঁও অঞ্চলত মানুহক সুশিক্ষিত কৰিবলৈ সজাগতা শিবিৰৰ আয়োজন কৰিব যে, মানসিক ৰোগীও সুস্থ হৈ উঠে আৰু সমাজত মানসিক ৰোগী বিলাককো আন আন মানুহৰ দৰেকৈ সমান সমান ব্যৱহাৰ কৰিব লাগে। এনেকুৱা সজাগতা শিবিৰ সমূহ মানসিক ৰোগী সকলৰ অভিভাৱকৰ লগত এখন বিশেষ ঠাইত অনুস্থিত কৰিব লাগে যাতে তেওঁলোকক ওপৰত কোৱা ধৰণে কথা বিলাক বুজাই দি মানসিক ৰোগী বিলাকৰ প্ৰতি থকা তেওঁলোকৰ পূৰ্বৰ ধ্যান- ধাৰণা সমূহ সলনি কৰিব পাৰি। এনেকুৱা বিশেষ ধৰণৰ আইনী সজাগতা শিবিৰত মনোৰোগ বিশেষজ্ঞ, অধিবক্তা আৰু সমাজকৰ্মী সকলৰ উপস্থিতিয়ে সভাত যোগদানকাৰী সকলৰ মাজত মানসিক ৰোগৰ প্ৰতি উদয় হোৱা সন্দেহ, ভুল ধাৰণা সমূহ নিৰসন কৰিব পাৰে। এনেকুৱা ধৰণৰ শিবিৰত অধিবক্তা সকলে মানসিক ৰোগীৰ লগত সম্পৰ্ক থকা সা-সম্পত্তি, আন আন আইনী অধিকাৰ আৰু আইনত থকা বা-ব্যৱস্থা সমূহৰ বিষয়ে শিক্ষা দিব পাৰে।

    • বিচাৰ বিভাগৰ বিষয়া আৰু অধিবক্তা সকলক সজাগ কৰাৰ বাবে বিশেষ সজাগতা আচঁনিঃ-

    ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী / জিলা আইন সেৱা প্ৰাধিকাৰীয়ে আইন বিদ্যালয়ৰ সহযোগ কৰি বিচাৰ বিভাগৰ বিষয়া সকলক মানসিক ৰোগী, তেওঁলোকৰ পিতৃ-মাতৃ, তেওঁলোকৰ সম্পৰ্কীয় আৰু পৰিয়ালৰ মানুহৰ মাজত সৃষ্টি হোৱা সামাজিক আৰু আইনী সমস্যা সমূহৰ বিষয়ে সজাগ কৰিবলৈ প্ৰশিক্ষণ শিবিৰ স্থাপন কৰিব পাৰে আৰু উকিল সন্থাৰ সহযোগত তেনে একে ধৰণৰ আচঁনি প্ৰৱৰ্ত্তন কৰি অধিবক্তা আৰু আইন বিভাগীয় মানুহ খিনিৰ মাজতো সজাগতাৰ সৃষ্টি কৰিব পাৰি।

    • মানসিক ৰোগী সকলৰ সমস্যা সমাধান কৰিবলৈ আইনী সাহায্যৰ চিকিত্সালয় প্ৰতিস্থাঃ-

    জিলা আইন সেৱা প্ৰাধিকাৰীয়ে মানসিক ৰোগৰ চিকিত্সালয় বা মানসিক ৰোগৰ নাৰ্চিং হোমৰ সহযোগত বিশেষ আইনী সাহায্য চিকিত্সালয় প্ৰতিস্থা কৰি মানসিক ৰোগীৰ পৰিয়ালৰ লোকসকলক সজাগ কৰিব পাৰে আৰু পৈত্ৰিক স্বত্ব, অভিভাৱকত্ব, পৰিয়ালৰ পেঞ্চন, মানসিক ৰোগগ্ৰস্থ লোকৰ সা-সম্পত্তিৰ বিষয়, আৰু নিঠৰুৱা আৰু ভ্ৰমি ফুৰা মানুহৰ আশ্ৰয়স্থলী আদিৰ বিষয়ে আলোচনা কৰিব পাৰে।

    • মানসিক ৰোগী এজন ভাল হোৱাৰ পিছত পুনৰসংস্থাপন ব্যৱস্থাঃ-

    জিলা আইন সেৱা প্ৰাধিকাৰী আৰু ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ লগত আলোচনা মৰ্মে আইনী সেৱা প্ৰতিষ্ঠান সমূহে মানসিক ৰোগ নিৰাময় হোৱা মানুহক পুনৰসংস্থাপন কৰিবলৈ সহায় কৰিব। এই কামৰ বাবে আইনী সেৱা প্ৰাধিকাৰীয়ে সমাজ কল্যাণ বিভাগৰ লগত যোগোযোগ কৰিব পাৰে। যিখিনি ঠাইত এই পুনৰসংস্থাপিত মানুহ খিনি থকা মেলাৰ ব্যৱস্থা কৰা হৈছে, তাতে তেওঁলোকে মানৱীয় সা-সুবিধাৰে সঠিক আশ্ৰয়ত আছে নে নাই, ঠিকভাৱে খোৱা-লোৱাৰ ব্যৱস্থা, ঔষধ-পাতি পাইছেনে নাই আৰু কিবা ব্যৱসায়িক প্ৰশিক্ষণ দিছে নে নাই, এই বিলাক চাবলৈ জিলা আইনী সেৱা প্ৰাধিকাৰী/ ৰাজ্যিক আইনী সেৱা প্ৰাধিকাৰীয়ে সঘনাই সেই ঠাই পৰিদৰ্শন কৰিব।

    • বেচৰকাৰী আৰু স্বেচ্ছাসেৱী সামাজিক সংগঠনৰ লগত সহযোগিতাঃ-

    আইনী সেৱা প্ৰতিষ্ঠান সমূহে বেচৰকাৰী অনুস্থান আৰু আন আন স্বেচ্ছাসেৱী সামাজিক সংগঠনৰ লগত মানসিক ৰোগী সংক্ৰান্তত যোগাযোগ ৰাখিব।

    • প্ৰতি বছৰে ১০ অক্তোবৰৰ দিনটো বিশ্ব মানসিক স্বাস্থ্য দিৱস হিচাপে পালন কৰাঃ-

    সকলো বিলাক আইনী সেৱা প্ৰতিস্থানে প্ৰতি বছৰে ১০ অক্তোবৰৰ দিনটো বিশ্ব মানসিক স্বাস্থ্য দিৱস হিচাপে পালন কৰিব পাৰে। এই আচঁনিখনে মানুহৰ খনত মানসিক ৰোগৰ প্ৰতি সজাগতাৰ সৃষ্টি কৰিব, মানসিক স্বাস্থ্যৰ সপক্ষে ঢালখাব আৰু এই বাতৰি বিলাব যে মানসিক ৰোগগ্ৰস্থ লোক সকলো মানৱ অধিকাৰ আৰু আন আন আইনী অধিকাৰ পোৱাৰ যোগ্য যিহেতুকে তেওঁলোকো এই বিশাল সমাজৰ লগতে লাগি আছে আৰু জীৱনৰ আন আন স্তৰৰ মানুহ বিলাকৰ লগত থাকি আইনৰ চকুত একে মানুহ হৈ আছো