অক্ষম ব্যক্তি বিলাকে, বিশেষকৈ যিবিলাক মানসিক ভাৱে অসুস্থ আৰু মানসিক বাধাগ্ৰস্থতা আদি ৰোগত ভূক্তভোগী তেওঁলোকে আইনৰ বাটেৰে বাট বুলোতে তাৰে প্ৰাধিকাৰীৰ পৰা যথোচিত সঁহাৰি নাপায়। তাৰে ফলশ্ৰুতি হিচাপে তেওঁক এফলীয়া কৰি থৈ “সমাজ কল্যাণ বিভাগে দেউতাকৰ দৰেকৈ চাবগৈ” বুলি ৰঙীন কাঁচৰ মাজেদি চাই তেওঁলোকক ৰাজ্যিক আৰু সামাজিক ফালৰ পৰাহে সুৰক্ষা দিব লাগে তাতে এৰি থলে।
সংযুক্ত ৰাষ্ট্ৰসঙ্ঘৰ অধিবেশষণত “ অক্ষম ব্যক্তিৰ অধিকাৰ(CRPD),২০০৮(Rights of Persons with Disabilities-CRPD,2008)” চনদখনত যিহেতু ভাৰতবৰ্ষও এখন স্বাক্ষৰকাৰী ৰাষ্ট্ৰ আৰু যিহেতুকে আমাৰ দেশখনে সেই অধিবেশন খনক মান্যতা দিছে গতিকে আমাৰ আইনী ব্যৱস্থাটো অক্ষম ব্যক্তি সকলক(মানসিক ৰোগী আৰু মানসিক ভাৱে অক্ষম ব্যক্তিকে ধৰি) আন সকলো মানুহৰ সমানে মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতা সমূহ ভোগ কৰিব পৰাকৈ আইনৰ চকুত সমান আৰু সমান আইনী সুৰক্ষা পোৱাটো নিশ্চিত কৰিবলৈবাধ্য। আন আন মানুহৰ সমানে সমানে এই অক্ষম ব্যক্তি সকলোৱেও যাতে কাৰ্য্যকৰীভাৱে আইনৰ ওচৰ চাপিব পাৰে, সেই কথাটোও নিশ্চিত হোৱাটো এই অধিবেশন খনে বিচাৰে। আন কথাত কবলৈ গলে অধিবেশন খনৰ এটা অধিকাৰ মূলীয় আৰু ওচৰ চাপিবলৈ কৰা চেষ্টাৰ অন্তৰ্নিহিত দৰ্শন আছে আৰু সেই দৰ্শন হ’ল অক্ষমতা থকা ব্যক্তিখিনিকো বিস্তীৰ্ণ সমাজ খাপখাই থকা আন আন মানুহখিনিৰ সমপৰ্য্যায়ৰ বুলি ধৰি লোৱা কামটো।