মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিধায়িনী অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী

মানসিক ভাৱে প্ৰতিবন্ধকতা থকা মানুহৰ বিষয়েঃ

  • মানসিক প্ৰতিবন্ধকতা থকা ব্যক্তিলৈ আইনী সেৱা আগবঢ়াওতে চাব লগা বিষয় সমূহঃ-

    • মানসিক প্ৰতিবন্ধকতা থকা ব্যক্তি মানসিক ৰোগী নহয়ঃ-

     আইনজীৱি সমাজৰ মাজতো এটা দোধোৰ মোধোৰৰ ভাৱ আছে যে মানসিক প্ৰতিবন্ধকতা থকা ব্যক্তি বিলাক মানসিক ৰোগী। মানসিক প্ৰতিবন্ধকতা থকা ব্যক্তি মানসিক উন্নয়নত হোৱা খেলিমেলিৰ বাবে মানসিক অক্ষমতাত ভোগা ব্যক্তি। স্থায়ী ভাৱে হোৱা মানসিক প্ৰতিবন্ধকতা ভাল নহয়। সেই বাবে তেনে অক্ষম ব্যক্তি-সমান সুবিধা, অধিকাৰ সুৰক্ষা আৰু  সম্পূৰ্ণ সহযোগিতা আইন,১৯৯৫, প্ৰতিবন্ধী ব্যক্তিৰ আইন, ১৯৯৫ৰ ২ নং ধাৰা মতে ধৰা হয়। মানসিক ভাৱে প্ৰতিবন্ধকতা থকা ব্যক্তিৰ কল্যাণৰ বাবে সংসদত গৃহীত হোৱা (১) প্ৰতিবন্ধী ব্যক্তিৰ আইন, ১৯৯৫ আৰু (২)ৰাষ্ট্ৰীয় ট্ৰাষ্ট আইন,১৯৯৯নামৰ দুখন আইন আছে। এই আইন দুখন আনকি ৰাষ্ট্ৰসংঘৰ “অক্ষম ব্যক্তি অধিকাৰ( CRPD), ২০০৮ চনদখনৰ আওতাৰ ভিতৰতো পৰে।

    • মানসিক প্ৰতিবন্ধকতা থকা ব্যক্তিলৈ(MRs) আইনী সেৱাঃ-

    ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ লগত আইনী সেৱা প্ৰতিষ্ঠান সমূহে যোগোযোগ ৰাখি মানসিক প্ৰতিবন্ধকতা থকা ব্যক্তিৰ বাবে কি কি কল্যণমূলক আচঁনি আছে সেই কথা জানি লব লাগে। ভাৰতীয় ৰেলৱে আৰু আন আন কিছুমান ৰাজ্যিক চৰকাৰৰ মানসিক প্ৰতিবন্ধকতা থকা ব্যক্তিৰ ভ্ৰনণৰ বাবে কিবা কিবি সুবিধা আছে। মানসিক প্ৰতিবন্ধকতা থকা ব্যক্তিৰ মাক-দেউতাকৰ বাবে আয়কৰ আইনে ৰেহাইৰ ব্যৱস্থা ৰাখিছে। মানসিক প্ৰত্বন্ধকতা থকা মানূহ আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে থকা সা-সুবিধাৰ আচঁনি সমূহ তেওঁলোকক উপলব্ধ হবলৈ আইন সেৱা প্ৰতিষ্ঠান সমূহে চেষ্টা কৰিব।

    • মানসিক প্ৰতিবন্ধী সকলৰ স্বাস্থ্য সেৱা নিশ্চিত কৰিবলৈ আইনী সেৱা সমূহঃ-

    আন আন নাগৰিক সকলৰ দৰেকৈ মানসিক প্ৰতিবন্ধী সকলেও মৌলিক অধিকাৰ হিচাপে স্বাস্থ্য সেৱা পাব লাগিব।

    • মানসিক প্ৰতিবন্ধী সকলৰ মৌলিক অধিকাৰ নিশ্চিত কৰিবলৈ আইনী সেৱা সমূহঃ-

    আইনী সেৱা প্ৰতিষ্ঠান সমূহে মানসিক প্ৰতিবন্ধী সকলক তেওঁলোকৰ মৌলিক অধিকাৰ, সমতা আৰু সমান ব্যৱহাৰৰ অধিকাৰ সুৰক্ষা কৰিবলৈ সহায় কৰিব।

    • শিক্ষাৰ অধিকাৰঃ- CRPD ৰ নীতি সমূহৰ ভিতৰত মানসিক প্ৰতিবন্ধী সকললৈ শ্ৰদ্ধা, তেওঁলোকৰ সক্ষমতা উথ্থান কৰা, তেওঁলোকৰ স্বকীয়তা সংৰক্ষণ কৰা, তেওঁলোকৰ লগত থকা সন্মান আৰু ব্যক্তি স্বাধীনতাৰ প্ৰতি সন্মান প্ৰদৰ্শনো অন্তৰ্ওভুক্ত হৈ আছে। এই অধিবেশনত মানসিক প্ৰতিবন্ধী সকললৈ সমান সুবিধা ভোগৰ আধাৰত শিক্ষা প্ৰদান কৰি তেওঁলোকৰ মানসিক উন্নয়ন, শাৰিৰীক সক্ষমতা আৰু উদ্ভাৱনী শক্তিক পূৰ্ণ পৰ্য্যায়লৈ নিবলৈ লক্ষ্য স্থিৰ কৰিছে।

    গতিকে মানসিক প্ৰতিবন্ধী সকলে যেতিয়াই এই অধিকাৰ সমূহৰ পৰা বঞ্চিত হোৱা দেখা পাব, আইনী প্ৰতিষ্ঠান সমূহে তেতিয়াই এই অধিকাৰ সমূহ পাবলৈ বুলি মানসিক প্ৰতিবন্ধী সকলক সুৰক্ষা দিব।

    • পি.ডব্লিউ.ডি.আইন, ১৯৯৫ ৰ অধীনত পোৱা সুবিধা সমূহ পাবলৈ সহায় কৰিবঃ পি.ডব্লিউ.ডি.আইন, ১৯৯৫ ৰ অধীনত সুবিধা প্ৰাপ্ত কৰিবৰ কাৰণে আইনী সেৱা প্ৰতিষ্ঠানে এম.আৰ.কসহায় কৰিব।
    • অপব্যৱহাৰ আৰু অভিসন্ধিৰ কবলৰ পৰা মানসিক প্ৰতিবন্ধী সকলক ৰক্ষণাবেক্ষণঃ-

    মানসিক প্ৰতিবন্ধী সকলেই হৈছে সহজে ঘাইল কৰিব পৰা আৰু অভিসন্ধিৰ চিকাৰ হবপৰা মানুহ। মহিলাসকলক ঘাইল কৰাটো আৰু সহজ। গতিকে আইনী প্ৰতিষ্ঠান সমূহ এই ক্ষেত্ৰত আগবাঢ়ি আহি মানসিক প্ৰতিবন্ধী সকলক ঘাইল কৰা ধৰ্ষণৰ অত্যাচাৰ কৰা আদি ৰোধ কৰাত সহায় কৰা তেনে অত্যাচাৰী আৰু ধৰ্ষণকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাত সহায় কৰা।

    • মানসিক প্ৰতিবন্ধী সকলক পৈত্ৰিক সম্পত্তি আৰু আৰ্থিক অধিকাৰ পোৱাত আইনী সাহায্যঃ-

    মানসিক প্ৰতিবন্ধী সকলে পৈত্ৰিক সম্পত্তি পোৱাৰ অধিকাৰ আৰু আৰ্থিক অধিকাৰ পোৱাত সহায় কৰিবলৈ আইনী প্ৰতিষ্ঠান সমূহ আগবাঢ়ি আহিব লাগে।

    • নেচনেল ট্ৰাষ্ট এক্ট, ১৯৯৯ ৰ অধীনত অভিভাৱক নিযুক্তিঃ-

    পিতৃ-মাতৃ দুয়োজনৰ মৃত্যু হোৱাৰ পিছত প্ৰায়ে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হয়গৈ। গতিকে নেচনেল ট্ৰাষ্ট এক্ট,১৯৯৯ ৰ অধীনত এজন অভিভাৱক নিয়োগ কৰাৰ বাবে চিন্তা-চৰ্চা কৰাটো বৰ দৰ্কাৰ। এনে ধৰণে মানসিক প্ৰতিবন্ধীৰ বাবে অভিভাৱক নিয়োগ কৰা কাৰ্য্যৰ বাবে আইনী প্ৰতিষ্ঠান সমূহে সহায় কৰিব।

    • সহায়ক যোগসূত্ৰ স্থাপনৰ প্ৰয়োজনীয়তাঃ-

    আইন সেৱা প্ৰতিষ্ঠান সমূহে ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগ বেচৰকাৰী সন্থা, দাতব্য অনুস্থান, মানসিক প্ৰতিবন্ধীৰ সম্পৰ্কীয় লোক আৰু সমাজ কৰ্মীক লৈ মানসিক প্ৰতিবন্ধী সকলৰ কল্যাণৰ বাবে স্থানীয় ভাৱে এক সহায়ক যোগসূত্ৰ স্থাপনৰ বাবে উত্সাহ যোগাব পাৰে। প্ৰতিখন ঠাইৰ স্থানীয় সহায়ক যোগসূত্ৰ সমূহে মানসিক প্ৰতিবন্ধী সকলৰ প্ৰতিপালনৰ যত্ল লব, যাতে মানসিক প্ৰতিবন্ধী সকল নিঠৰুৱা নহয় আৰু তেওঁলোকে খাদ্য, স্বাস্থ্য সেৱা আৰু আন আন  প্ৰয়োজনীয় সমূহ সময় মতে পায় আছে।

    • বিদ্যালয়ৰ আন ছাত্ৰ-ছাত্ৰী সমূহৰ মাজত সজাগতা সৃষ্টিৰ বাবে অভিযানঃ-

    সুস্থ ল’ৰা-ছোৱালী বিলাকেওঁ এই কথাটোত সজাগ হোৱাতো দৰ্কাৰ যে মানসিক প্ৰতিবন্ধী আৰু আন আন ধৰণে প্ৰতিবন্ধী লোক সকলো আইনে সকলোলৈ দিয়া সুবিধা আৰু সুৰক্ষা লোক সকলো আইনে সকলোলৈ দিয়া সুবিধা আৰু সুৰক্ষা পাবলৈ আন সকলোৰে সৈতে সমান। গতিকে বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনাখন(World Disability Day) আইন সেৱা প্ৰাধিকাৰীয়ে প্ৰাথমিক বিদ্যালয় সমূহত সৰু সৰু ল’ৰা-ছোৱালী বিলাকৰ মাজত বিশেষ সজাগতাৰ আচঁনি সংগঠন কৰিব লাগে, যাতে মানসিক প্ৰতিবন্ধী সকলৰ প্ৰতি সেই সৰু সৰু ল’ৰা-ছোৱালী বিলাকৰ মানসিকতাৰ সলনি হয়। এনেকুৱা আচঁনিৰ বাবে চিত্ৰ আৰু তেনে প্ৰাসঙ্গিক উপস্থাপন এই ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে।

    • মানসিক প্ৰতিবন্ধী সকলৰ পৰিয়ালৰ মাজত সজাগতা অনাৰ বাবে শিক্ষা দানৰ শিবিৰঃ-

    আইনী সেৱা প্ৰতিষ্ঠান সমূহে কোনো এখন ঠাইত তাৰে স্থানীয় বিদ্যালয়ৰ সহযোগত সেই ঠাইৰ মানসিক প্ৰতিবন্ধী সকলৰ পৰিয়ালৰ সদস্যৰ মাজত সজাগতা শিবিৰ প্ৰতিস্থা কৰিব পাৰে। তেওঁলোকৰ এই আচঁনি খনত মানসি্ক ৰোগ বিশেষজ্ঞ, মনোবিজ্ঞানী, সমাজকৰ্মী আৰু অধিবক্তাৰ সেৱাও লব পাৰে। এই আচঁনিৰ দলটোৰ মাজত মানসিক প্ৰতিবন্ধী জনৰ ভায়েক বা ভনীযেককো লব পাৰে।

    • জনসাধাবণৰ মাজত সজাগতাৰ শিবিৰঃ- জনসাধাৰণৰ মাজত এই বিষয়ে সজাগতাৰ শিক্ষা দিব পাৰি যে মানসিক প্ৰতিবন্ধী লোক সকল আৰু আন স্বাভাৱিক মানুহ খিনিৰ অধিকাৰ সমান সমান।
    • বিচাৰালয়ৰ বিষয়া আৰু অধিবক্তা সকলৰ মাজত সজাগতাৰ আচঁনিঃ-

    বিচাৰালয়ৰ বিষয়া আৰু অধিবক্তা সকলৰ মাজত মানসিক প্ৰতিবন্ধী আৰু তেওঁলোকৰ অধিকাৰৰ বিষয়ে সজাগতা আনিবলৈ আইনৰ বিদ্যালয় আৰু অধিবক্তা সন্থাৰ সহযোগত বিশেষ সজাগতাৰ আচঁনি সংগঠিত কৰিব পাৰি।