মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিধায়িনী অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী

কৌশল

  • আইনী সাহায্য প্ৰাধিকাৰীয়ে অসংগঠিত  খণ্ডৰ কৰ্মী সকলক নিম্নোক্ত  ধৰণে সহায় কৰিব পাৰেঃ-

    • প্ৰতিটো আইনী সেৱা প্ৰতিষ্ঠানৰ অধীনস্থ এলেকাত জৰীপ চলাই অসংগঠিত কৰ্মী চিনাক্ত কৰিব লাগেঃ-

     ৰাজ্যিক আইন সেৱা প্ৰাধিকৰীয়ে ২০০৮ চনৰ কেন্দ্ৰীয় আইন ৩৩ ৰ (Central Act,33 of 2008)  আধাৰত  সংগঠিত শ্ৰমিক আৰু লগতে আন আন শ্ৰেণীৰ শ্ৰমিক সকলক চিনাক্ত কৰণৰ বাবে জৰীপ কাৰ্য্যৰ ব্যৱস্থা কৰিব পাৰে। ওনে ধৰণৰ জৰীপ কাৰ্য্যৰ বাবে আইনৰ ছাত্ৰ, বেচৰকাৰী সন্থা আৰু অৰ্দ্ধ-আইনী স্বেচ্ছাসেৱক সকলৰ সেৱাও লব পাৰে। এই জৰীপ কাৰ্য্যটো পৰ্য্যায় ক্ৰমে কৰিব পাৰে, যিটোৱে সেই আইনী সেৱা প্ৰতিষ্ঠানটোৰ অধীনস্থ এলেকাটো লাহে লাহে সম্পূৰ্ণ ভাৱে আগুৰি লবগৈ। ৰাজ্য চৰকাৰে পৰিষদ, নিগম আদিৰ( যেনে, নিৰ্মাণ কৰ কল্যাণ পৰিষদ, বিড়ি কাৰখানাৰ কৰ্মী কল্যাণ পৰিষদ, শিল্প- কৰ্মী কল্যাণ পৰিষদ আদি) মাধ্যমেদি কাৰ্য্যকৰী কৰা কল্যাণমূলক আচঁনিৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ বেলেগ আচঁনিৰ বাবে বেলেগ বেলেগ উপভোক্তাৰ দলত ভাগ কৰিব পাৰে। এই জৰীপ কাৰ্য্যত এই কথাটো উল্লেখ থাকিব লাগে বেলেগ বেলেগ দলৰ শ্ৰমিক সমূহে তেওঁৰ বিভাগৰ বা আন আচঁনি/ বিধিমতে/ প্ৰকল্পমতে চৰকাৰে আগবঢ়োৱা সুবিধা সমূহ লবলৈ চেষ্টা কৰিছিল নেকি। ইয়াৰ পিছৰ পদক্ষেপটো হব সেই পৰিষদ/ নিগমৰ লগত সেইখন আচঁনি/ প্ৰকল্পৰ সুবিধা সমূহ প্ৰাপ্তিৰ বাবে যোগোযোগ কৰা। সকলো যোগ্যবান অথচ অসংগঠিত শ্ৰমিককে এই লাভালাভাৰ আচঁনি পোৱাবলৈ সকলো ধৰণে যত্ন কৰা হব।

    • চিনাক্ত কৰণ হৈ যোৱা অসংগঠিত শ্ৰমিকৰ ওপৰত আইনী সজাগতাৰ কাৰ্য্যকৰী কৰণঃ-

    প্ৰতিটো শ্ৰেণীৰে অসংগঠিত শ্ৰমিকক চিনাক্ত কৰি ভাগ ভাগ কৰাৰ পিছত তেওঁলোকৰ মাজত চৰকাৰৰ বিভিন্ন কল্যাণনূলক আচঁনি আৰু উপলব্ধ সামাজিক সুৰক্ষা ব্যৱস্থাৰ বিষয়ে আইনী সজাগতা আনিব লাগে। এই উদ্দেশ্য, যিমান দূৰ সম্ভৱ তেওঁলোকৰ কৰ্মক্ষেত্ৰতেই(যেনে, নিৰ্মান কৰ্মস্থলী, পথৰ ওপৰৰ বেপাৰীৰ বাবে বজাৰ খলা ইত্যাদি) সজাগতা আচঁনিখন অনুস্থিত কৰিব লাগে। আইনী সজাগতা সভাসমূহ কোনো ৰাজহুৱা সভাঘৰতো অনুস্থিত কৰিব পৰা যায়। সজাগতাৰ আচঁনিৰ সভাৰ সময়খিনি যাতে শ্ৰমিক সকলৰ কামৰ সময়খিনিত বাধাৰ সৃষ্টি নকৰে তাৰ বাবে সাৱধান হব লাগিব এনে সজাগতা সৃষ্টিৰ অভিযান সভাৰ সময় ভোজন বিৰতিৰ সময় আৰু বন্ধৰ দিনতে ব্যৱহাৰ কৰিব পৰা যায়।

    • ৰাজ্য চৰকাৰে প্ৰতিস্থা কৰা বিভিন্ন সমাজ কল্যাণ মূলক বিধি সমূহ, প্ৰশাসনিক আচঁনি সমূহৰ সুবিধা লবলৈ- অসংগঠিত শ্ৰমিক শ্ৰেণীক পৰামৰ্শ দিয়া আৰু সহায় কৰাঃ-

    অসংগঠিত খণ্ডৰ শ্ৰমিক সকলে আচঁনি আদিৰ লাভালাভ বিচাৰিবলৈ গৈ ঝামেলাৰ মূখামুখী হবলৈ তেওঁলোকৰ স্বভাৱে সেই দিশলৈ ঢাল নাখায়। তেওঁলোক বেছিভাগেই দুখীয়া, নিৰক্ষৰ আৰু সমাজৰ নিম্ন স্তৰৰ লোক হোৱা বাবে তেওঁলোকৰ প্ৰাপ্যখিনি দাবী কৰিবৰ জোখেৰে মানসিকতা নাই। প্ৰব্ৰজনকাৰী শ্ৰমিক সকলে তেওঁলোকৰ কামখিনি শেষ হোৱাৰ লগে লগে গাঁৱলৈ যাবলৈ ব্যাকুল হৈ পৰে আৰু তেওঁলোকে কাম কৰা ঠাইখিনিৰস্থানীয় মানুহখিনিৰ পৰাও সহায় সহাঁৰি পোৱাৰ সম্ভাৱনা নাই। তেওঁলোকেই হৈছে আটাইতকৈ বেছি ভূক্তভোগী আৰু দুৰভিসন্ধিৰ বলি। এনেকুৱা যি কোনো পৰিস্থিতিৰ দাবী মতে বিশেষ নজৰ দিব লাগিব, আৰু যদি দৰ্কাৰ হয় তেন্তে আইনী সাহায্য দিব লাগিব।

    • অসংঠিত শ্ৰমিকৰ ওচৰ- চপা আৰু তেওঁলোকৰ কল্যাৰ নিমিত্তে নিয়োগবাৰ্ত্তা আৰু অনুস্থানৰ কলা-কৌশলৰ ওপৰত দৰ-দাম কৰাঃ-

         অসংগঠিত শ্ৰমিক সকলে নিজৰ অধিকাৰ প্ৰাপ্যৰ বাবে দৰ-দাম কৰিবলৈ কাচিতহে ক্ষমতা আছে। এই কথাটোৰ বাবেই তেওঁলোকৰ নিয়োগবাৰ্ত্তাৰ অভিসন্ধিৰ বলি হয়। তেওঁলোকৰ কামৰ ধৰণটো অস্থায়ী হোৱা বাবেও তেওঁলোকে একগোট হৈ দৰ দাম কৰাৰ বাবে তেওঁলোকক অক্ষম কৰি থয়। আইনী সেৱা প্ৰতিষ্ঠানৰ পৰা সমৰ্থন পালহে অসংগঠিত শ্ৰমিক সকলে তেওঁলোকৰ আইনী অধিকাৰ আৰু প্ৰাপ্য দাবী কৰিবলৈ ক্ষমতা পাব। ২০০৮ চনৰ কেন্দ্ৰীয়া আইন ৩৩((Central Act,33, of 2008) ৰ মতে সেই আইনৰ দ্বাৰা প্ৰদত্ত লাভালাভ সমূহ পাবলৈ বুলি শ্ৰমিক সকলে বিশ্বাসেৰে সৈতে আইন সেৱা প্ৰাধিকাৰীৰ ওচৰ চাপি অহাতো নিশ্চিত কৰিব লাগে।

    • যথোপথুক্ত কামত আইনী সাহায্য প্ৰদানঃ-

    যদি কোনো ঘটনা আদালতৰ যোগে বিচাৰ্য্য হৈ উঠে, তেন্তে আইনী সেৱা প্ৰতিস্থানে তাতে সাহায্যৰ হাত আগবঢ়াব। আদালতত উঠিব লগীয়া কোনো মোকৰ্দ্দমাত সহায় কৰিবলৈ যাওঁতে আইনী সাহায্য প্ৰাধিকাৰী আইন, ১৯৮৭ ৰ ১২ নং ধাৰাত উল্লেখ কৰা তেনে মোকৰ্দ্দমাৰ যোগ্যতাসমূহ মনত ৰাখিব লাগিব। এই ক্ষেত্ৰত চুক্তি শ্ৰম(বিনিয়ম আৰু বাতিল) আইন,১৯৭০;চুক্তি শ্ৰম ব্যৱস্থা(বাতিল) আইন, ১৯৭৬, আন্ঃৰাজ্যিক প্ৰবাসীশ্ৰমিকআই,১৯৭৯, শিশু শ্ৰম( নিষেধাজ্ঞা আৰু বিনিয়ম) আইন, ১৯৮৬আৰু আন আন বিশেষ আইন সমূহৰ ব্যৱ্স্থা সমূহ উপযুক্ত ঠাইত ব্যৱহাৰ কৰিব লাগিব।