মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিধায়িনী অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী

পাতনি

  • ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী ( অসংগঠিত খণ্ডৰ কৰ্মীলৈ আইন সেৱা ) আচঁনি,২০১০ :

    ২০১০ চনৰ ২৮-২৯ আগষ্ট তাৰিখে ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকাৰীয়েআহমেদাবাদত পশ্চিমাঞ্চলৰ ৰাজ্যিক আইনী সেৱা প্ৰাধিকাৰীৰ আঞ্চলিক সন্মিলনখনৰ আলোচ্য বিষয় আছিল-

    অসংগঠিত খণ্ডৰ কৰ্মী সকল আৰু আইনী-সেৱা প্ৰাধিকাৰীৰ ভূমিকাঅসংগঠিত খণ্ডৰ কৰ্মী সকলে আইনী অধিকাৰ আহৰণ কৰা আৰু ৰাজ্য চৰকাৰে ভিন ভিন আচঁনি মতে আগবঢ়োৱা সুবিধা সমূহ পোৱাৰ বাবে কেনে দশাৰ মুখামুখি হব লাগিব সেই কথাটোকে বিশদ ভাৱে আলোচনা কৰা হৈছিল।

         এই কথাটো অনুমান কৰা হৈছে যে অসংগঠিত খণ্ডৰ কৰ্মী সকলে জাতীয় অৰ্থনীতিত শতকৰা ৬০ ভাগতকৈও বেচি অৱদান দিয়ে। সংগঠিত খণ্ডৰ তেওঁলোকৰ ভাতৃ কৰ্মীৰ বিপৰীতে এওঁলোক সমুখলৈ আগুৱাই আহিব নোখোজে আৰু বিভিন্ন আচঁনি আৰু চৰকাৰৰ শ্ৰম বিভাগে আগবঢ়োৱা বিভিন্ন কল্যাণ মূলক আচঁনিৰ বা আন কোনো অনুস্থানে আগবঢ়োৱা আঁচনি সমূহৰ লাভালাভৰ প্ৰতিও এওঁলোক লালায়িত নহয়- ইয়াৰ কাৰণ হৈছে এওঁলোকৰ ফালৰি কাটি যোৱা বা ঢিলা ধৰণৰ সংগঠনৰ প্ৰকৃতিৰ বাবে। এনেকুৱা ধৰণৰ কৰ্মীৰ যিহেতু নিৰ্দিষ্ট ধৰণৰ কোনো কৰ্মক্ষেত্ৰ নাই, গতিকে এওঁলোকৰ কোনো স্থায়ী মৰ্য্যাদাও নাই। তেওঁলোকৰ কাম বিলাক হৈছে খন্তেকীয়া ধৰণৰ, তেওঁলোকৰ কাম বিলাক হৈছে খন্তেকীয়া ধৰণৰ, তেওঁলোকে বৰ্ত্তেমানে কোনো এঠাইত কৰি থকা কামখিনি শেষ হলে, তেওঁলোকে কামৰ সন্ধানত আন ঠাইলৈ ঢাপলি মেলে। কামৰ পৰ্য্যাপ্ততাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে বেলেগ বেলেগ ধৰণৰ কাম ৰিব লগা হয়। কিছুমানে জাতিগত বা পৰম্পৰাগত প্ৰথাৰ বাবে কোনো বিশেষ ধৰণৰ কামতে একেৰাহে লাগি থাকে; তথাপিও তেওঁলোক অসংগঠিত হৈয়েই থাকে।

         এনেকুৱা এক দৃশ্যপটত সংশ্লিষ্ট প্ৰাধিকাৰী আৰু কল্যাণকামী প্ৰতিষ্ঠান সমূহে মখামুখী হোৱা সমস্যাটো হ’ল এই অসংগঠিত খণ্ডত কৰ্মী সকলক চিনাক্ত কৰিব নোৱাৰি। নিৰক্ষৰতা, দাৰিদ্ৰ্য আৰু দিন ভিক্ষা প্ৰান ৰক্ষাৰ চিন্তাই বিভিন্ন সমাজ কল্যাণৰ আচঁনি সমূহ পৰা পাব লগা হৈছে। এই ক্ষেত্ৰত আইনী সেৱা প্ৰতিষ্ঠান সমূহৰ কাম হৈছে এনে অসংগঠিত খণ্ডৰ কৰ্মী সকলক লগ ধৰা আৰু তেওঁলোকৰ বাবে বিভিন্ন আচঁনিৰ লাভালাভ সমূহ পৰ্য্যাপ্ত কৰা আৰু তেওঁলোকৰ আইনী সুৰক্ষা দিয়া।

         অসংগঠিত খণ্ডৰ কৰ্মীসকলৰ কল্যাণৰ বাবে থকা বেছিভাগ আচঁনি আৰু কল্যাণমূলক আইনসমূহ পৰিষদ আৰু নিগম সমূহৰ আনুস্থানিকতাৰ মাজে দি বিতৰণ কৰা হয়। এনে আচঁনি আৰু আইনসমূহ হৈছে অসংগঠিত ক্ষেত্ৰত সামাজিক সুৰক্ষাৰ ব্যৱস্থা আৰু সহায় মাত্ৰ আৰু ই অন্ততঃ তেনে কৰ্মী সকলৰ বিপদৰ সময়ত কিছু সহায় হয়গৈ। আইনী সাহায্য প্ৰতিষ্ঠান সমূহ এই ক্ষেত্ৰত এই বিপদৰ সন্মুখীন হোৱা দলটোক কিঞ্চিত্ পৰিমানৰকৈ হলেও সহায় কৰিবলৈ আহিলে এই মানুহখিনিয়ে জীৱন যুঁজত অলপ সকাহ পালেহেঁতেন।