মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিধায়িনী অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী

উদ্দেশ্য

  • এই আচঁনিখনৰ উদ্দেশ্য হ’ল আইনী সেৱা প্ৰাধিকাৰী আইন, ১৯৮৭ (কেন্দ্ৰীয় আইন)(Legal Services Authorities Act, 1987- Central Act) ৰ ১২ নং ধাৰাত উল্লেখ থকা মতে সমাজৰ দুখীয়া, উপান্ত আৰু দুৰ্বল শ্ৰেণীৰ মানুহখিনিক আইনী সেৱা আগবঢ়োৱা, বিশেষকৈ যিখিনি মানুহ ভৌগোলিক দিশত বাধাপ্ৰাপ্ত, ন্যায়ৰ আসন আৰু ন্যায়িক সেৱাৰ অনুস্থানৰ কাৰ্য্যালয়ৰ পৰা বহুত দুৰত থকা( ন্যায়িক সেৱাৰ অনুস্থান ৰ অৰ্থ হ’ল তালুক/মহকুমা/ মণ্ডল আইন সেৱা কমিটি, জিলা আইন সেৱা প্ৰাধিকাৰী, উচ্চ ন্যায়ালয় আইন সেৱা কমিটি, ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী আৰু উচ্চতম ন্যায়ালয় আইন সেৱা কমিটি- যি বিলাক প্ৰতিষ্ঠান আইনী সেৱা প্ৰাধিকাৰী আইন, ১৯৮৭(Legal Services Authorities Act,1987)মতে প্ৰতিস্থিত)

      এই আচঁনি খনৰ লক্ষ্য হ’ল, খৰছান্ত নোহোৱাকৈ স্থানীয় ভাৱে কৌশল খটাই আইনী পৰামৰ্শ প্ৰদান, আবেদন, জাননী, উত্তৰ দিয়া দৰ্খাস্ত লিখা  আৰু আইনৰ ফালৰ পৰা প্ৰয়োজনীয় নথিৰ খচৰা প্ৰস্তুত কৰা তদুপৰি স্থানীয় মানুহৰ মাজত হোৱা বিবাদ সমূহ দুয়োদলক মাতি আনি কাৰ্য্য-কাৰণ বিচাৰি বিবাদ নিষ্পত্তি কৰা যাতে বিবাদটোৱে গৈ আদালতৰ মজিয়া নাপায়। যদিহে ঘটনাটোৰ বাবে উচ্চ স্তৰৰ আইনী সেৱাৰ প্ৰয়োজন হয়, তেনেহলে আইনী সেৱা প্ৰাধিকাৰী আইন ১৯৮৭ ৰ অধীনত গঠন হোৱা আইনী সেৱা প্ৰতিষ্ঠানলৈ চুপাৰিছ কৰিব পাৰি।