মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিধায়িনী অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী

পাতনি

  • আইন সাহায্য চিকিত্সালয়(Legal Aid Clinic)স্থাপনৰ উদ্দেশ্য দৈছে সমাজৰ দুখীয়া আৰু অনগ্ৰসৰ মানুহ খিনিয়ে সহজে ঢুকি পাব পৰা ধৰণৰ আইনী সাহায্য। এই “চিকিত্সালয়” বিলাক হৈছে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সৈতে একেধৰণৰ,-য’ত এজন ডাক্তৰ আৰু তেওঁৰ সহকাৰী বিলাকে গাঁৱৰ দুখীয়া আৰু সমাজৰ নিম্নখাপৰ মানুহ খিনিৰ প্ৰাথমিক স্বাস্থ্যৰ যত্ন লয়। এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এজন ডাক্তৰে যেনেকৈ সেই অঞ্চলৰ মানুহ লৈ স্বাস্থ্য সেৱা আগবঢ়াই ঠিক তেনেদৰে এই আইনী চিকিত্সালয় চলোৱা অধিবক্তাই ও মানুহলৈ আইনী সেৱা আগবঢ়াই। তেনেকুৱা “চিকিত্সালয়” কামৰ ভীৰটো হয়গৈ আকৌ প্ৰাথমিক স্তৰৰ আইনী কামসমূহ, যেনে, আইনী উপদেশ আৰু জাননীৰ খচৰা বনোৱাত সহায় কৰা, উত্তৰ লিখা আদি্ কামত। তেনেকুৱা আইন সাহায্যৰ চিকিত্সালয়ৰ অধিবক্তাজনে সেই ঠাইৰ জনসাধাৰণৰ মাজত লগা বিবাদ সমূহো নিষ্পত্তি কৰিবলৈ চেষ্টা কৰে যাতে সেই বিবাদখিনি ডাঙৰ হৈ গৈ আদালত নাপায়গৈ। আইন সাহায্য চিকিত্সালয়ৰ অধিবক্তাজনক এই কথাটোৱে এটা কথা বুজিবলৈ সুবিধা দিছে যে বহু দূৰৰ পৰা অহা গাঁও অঞ্চলৰ মানুহখিনিয়ে ন্যায় পাবলৈ বুলি আহোতে কিমান কষ্ট কৰিব লগীয়া হয়।  আইন সাহায্য চিকিত্সালয় চলাবলৈ আইনী সেৱা প্ৰাধিকাৰীয়ে এনেকুৱা ধৰণৰ অৰ্দ্ধ আইনী স্বেচ্ছাসেৱক আৰু অধিবক্তা নিৰ্বাচন কৰিব লাগে. যি বিলাক লোক জনসাধাৰণৰ প্ৰতি উত্সৰ্গিত, আৰু জনসাধাৰণৰ সমস্যাৰাজিৰ প্ৰতি সংবেদনশীল।

         আইন সাহায্য চিকিত্সালয় হ’ল NALSA ৰ পাচঁ বছৰীয়া দৃষ্টিৰ হেঁচাৰ ফলত সৃষ্টি হোৱা এক দৰ্শন আৰু কৌশলৰ নথি। প্ৰতিখন গাৱতে আইন সাহায্য চিকিত্সলয় সৃষ্টি কৰিবলৈ NALSA ই সিদ্ধান্ত গ্ৰহণ কৰিছে।