মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিধায়িনী অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী

লক্ষ্য আৰু অভিযান

আমাৰ লক্ষ্যঃ-

উপান্ত আৰু সুবিধা নথকা জনসমষ্টি খণ্ডৰ লোক সকলক উচিত আৰু অৰ্থবহ ন্যায় প্ৰদানৰ বাবে আইনী ব্যৱস্থাক উন্নীত কৰা।

আমাৰ অভিযান:-

সমাজৰ উপান্ত আৰু পৰিত্যাক্ত মানুহৰ দলটোক কাৰ্য্যক্ষম ভাৱে আইনী দিশত প্ৰতিনিধিত্ব কৰিবলৈ, আইনৰ কথা বুজাই সজাগতা অনা আৰু আইনগত ভাৱে পাব লগা লাভালাভ আৰু বৰ্ত্তমানৰ উপভোক্তা হিচাপে পাই থকা মুনাফা খিনিৰ মাজত থকা ফাকটোৰ বিষয়ে সজাগতা আনিবলৈ আইনী দিশত শক্তিশালী কৰি তোলা।

অনানুস্থানিক ভাৱে ; তাত্ক্ষণিক, খৰছৰ পৰা ৰেহাই আৰু কাৰ্য্যকৰী সমাধানৰ বাবে বিবাদ সমূহক বিকল্প বিবাদ সমাধান ব্যৱস্থা বা লোক আদালতত বিচাৰৰ বাবে আনিবলৈ বুলি লোক আদালত সমূহৰ ব্যৱস্থা শক্তিশালী কৰা আৰু লগে লগে গোচৰৰ বোজাৰ পৰা আদালত সমূহক সকাই দিয়া