মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিধায়িনী অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী

লোক আদলত

লোক আদালত হৈছে এনেকুৱা এখন বিচাৰালয়, যত কোনো আদালতত নিষ্পত্তি নোহোৱা বা কোনো বিবাদ আদালতত দিয়াৰ আগতে আপোচ মীমাংসা কৰা হয়। আইনী সেৱা প্ৰাধিকাৰী আইন, ১৯৮৭ ৰ অধীনত সংসদৰ পৰা লোক আদালতক মৰ্য্যাদা প্ৰদান কৰা হৈছে। এইখন আইনৰ মতে লোক আদালতে দিয়া ৰায়টো কোনো দেৱানী আদালতে দিয়া হুকুমৰ সমতুল্য বুলি বিবেচনা কৰা হয় আৰু এই হুকুম বাদী-বিবাদী দুয়ো পক্ষৰ বাবে অন্তিম আৰু দুয়োপক্ষই ইয়াক মানিবলৈ বাধ্য আৰু এই হুকুমৰ বিপক্ষে কোনো আদালতত আপীল কৰিব নোৱাৰে।

লোক আদালতলৈ চুপাৰিছ কৰা মোকৰ্দমাৰ ধৰণঃ-

  • কোনো আদালতৰ সন্মুখত অমীমাংসিত কোনো মোকৰ্দমা।
  • যি কোনো আদালতত মূলতবী হৈ থকা যি কোনো মোকৰ্দমা যিকোনো ধৰণৰ বিবাদ যিটো এতিয়ালৈ আদালতলৈ অনা হোৱা নাই কিন্তু আদালতত দাখিল হবলগীয়া হৈ আছে। যদিহে কোনো গোচৰ সম্পৰ্কীয় কথা আইন মতে ৰফা কৰিব নোৱাৰি, তেনে ওজৰ লোক আদালতলৈ বিচাৰৰ বাবে নাহিব।

লোক আদালতত নিষ্পত্তি কৰিবলৈ মোকৰ্দমা কেনেকৈ চুপাৰিছ কৰা হব

(ক) আদালতত মূলতবী হৈ থকা মোকৰ্দমাঃ

  • যদিহে দুয়োপক্ষই বিবাদটো লোক আদালতত ৰক্ষা কৰিবলৈ সন্মত হয়, বা,
  • কোনো এটা পক্ষই আতদালতত আবেদন জনাই, বা,
  • যদি আদালত এই কথাত সন্তুষ্ট হয় যে মোকৰ্দমাটো লোক আদালতত ৰফা কৰিবৰ যোগ্য

(খ) আদালতত গোচৰ দাখিল কৰাৰ আগতেঃ

ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী বা জিলা আইন সেৱা প্ৰাধিকাৰীয়ে যিটোৱে হওঁক যিকোনো এটা পক্ষৰ পৰা আদালতত গোচৰ দাখিল কৰাৰ আগমুহৰ্ত্তত এখন আবেদন আদালতলৈ পঠাই দিয়ে।