নিষ্পত্তি কৰণৰ বাবে মোকৰ্দ্দমা এটা কেনেকৈ লোক আদালতলৈ চুপাৰিছ কৰিব ?
ৰাজ্যিক আইনী সেৱা প্ৰাধিকাৰী বা জিলা আইনী সেৱা প্ৰাধিকাৰীয়ে কোনো এটা গোচৰ আদালতৰ মজিয়ালৈ যোৱাৰ আগ মুহূৰ্ত্তত যদি কোনো এটা পক্ষৰ পৰা এখন আবেদন পায় তেন্তে সেই গোচৰটো সুস্থিৰ ভাৱে নিষ্পত্তি কৰাৰ বাবে লোক আদালতলৈ প্ৰেৰণ কৰিব আৰু ইটো পক্ষলৈ জাননী জাৰি কৰিব।