মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিধায়িনী অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী

আইনী সাহায্যৰ বাবে আবেদন

আইনী সাহায্যৰ বাবে কেনেকৈ আবেদন কৰিব ?

কোনো মানুহক বিনামূলীয়াকৈ আইন সেৱাৰ প্ৰয়োজন হলে তেওঁ বিভাগীয় প্ৰাধিকৰণক বা কমিটিক এখন আবেদন দাখিল কৰিব পাৰে,- যি খন লিখিত আকাৰত হব পাৰে বা প্ৰাধিকৰণে প্ৰস্তুত কৰা  ‘ফৰ্ম’ খন ভৰ্ত্তি কৰি দি তাতে আইনী সাহায্য বিচৰাৰ কাৰণটো চমুকৈ উল্লেখ কৰি দিব লাগে নাইবা তেওঁ মুখেৰে কৈ গলেও আইনী সাহায্য প্ৰাধিকৰণৰ কোনো বিষয় বা অৰ্দ্ধ আইনী স্বেচ্ছাসেৱকে মানুহজনক সহায় কৰিব পাৰে।

   কোনোৱে আইনী সাহায্য বিচাৰি ‘ অন লাইনত’ ভৰ্ত্তি কৰি দেশৰ যি কোনো আইনী সাহায্য প্ৰতিষ্ঠানলৈ আবেদন কৰিব পাৰে, যি খন অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী প্ৰতিষ্ঠাৰ ‘ ৱেব চাইটত ’ হোম পেজৰ অন লাইন এপ্লিকেচনত পোৱা যাব, তাতে প্ৰয়োজনীয় নথি সমূহো ‘আপলোড’ কৰি দিব লাগিব।